
নুজ্ঞাপত্ৰ নথকাৰ বাবে যুৱকজনক ১৫০০০ টকাৰ ফাইন কটাৰ অভিযোগ ভৰলুমুখ আৰক্ষীৰ বিৰুদ্ধে।
নুজ্ঞাপত্ৰ নথকাৰ বাবে যুৱকজনক ১৫০০০ টকাৰ ফাইন কটাৰ অভিযোগ ভৰলুমুখ আৰক্ষীৰ বিৰুদ্ধে।
আৰক্ষীয়ে বলপুৰ্বক ফাইন বিচৰাৰ বাবেই এজন যুৱকে আত্মহত্যাৰ অভিযোগ উঠিছে গুৱাহাটী মহানগৰীত। মহানগৰীৰ ধীৰেণপাৰাত সংঘটিত হৈছে এই ঘটনা। যুৱকজন ধীৰেণপাৰাৰ জ্যোতি পথৰ বাসিন্দা নুৰ আলী ওৰফে মৃদুল আলী৷ অনুজ্ঞাপত্ৰ নথকাৰ বাবে যুৱকজনক ১৫০০০ টকাৰ ফাইন কটাৰ অভিযোগ ভৰলুমুখ আৰক্ষীৰ বিৰুদ্ধে।
পৰিয়ালৰ লোকৰ অভিযোগ লাৰ্নাৰ লাইচেন্স আছিল মৃত নুৰ আলীৰ। যুৱকজনে ৫০০ টকা ফাইন দিছিল যদিও মানি লোৱা নাছিল ভৰলুমুখ আৰক্ষীয়ে৷ ইয়াৰ বিপৰীতে বাইকখন জব্দ কৰি ফাইন নিদিলে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। স্কুটীখনৰ নম্বৰ আছিল AS01EV1288। পিছত ঘৰলৈ আহি চিপ লয় ২১ বছৰীয়া যুৱকজনে। ইফালে নুৰ আলিৰ সৈতে একেলগে বাইকত অহা ৰাহুল আলী ঘটনাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|