আজিৰে পৰা গুৱাহাটীত তিনিদিনীয়া কাৰ্যসূচীৰে জি-২০ৰ অধীনত ইয়ুথ-২০ (Y20)ৰ আৰম্ভণি বৈঠক অনুষ্ঠিত হ’ব। আইআইটি-গুৱাহাটীৰ চৌহদত এই বৈঠকৰ আয়োজন কৰা হৈছে। এই সন্মিলনে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ দৰ্শকলৈ নিজ-নিজ মতামত প্ৰকাশৰ সুযোগ প্ৰদান কৰিব।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৱাই-২০ ৰ প্ৰতিনিধিসকলৰ সৈতে ‘ইয়ুথ ডায়লগ’ত ভাগ লৈ ভিন্ন বিষয়বস্তু সন্দৰ্ভত শ্বেতপত্ৰ মুকলি কৰিব। ইয়াত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰও উপস্থাপন কৰিব।
ইয়াৰোপৰি, আইআইটি, গুৱাহাটীত কাৰিকৰী অধিৱেশন আৰু আলোচনা অনুষ্ঠিত হ’ব। ইয়াত ভাগ ল’বলগীয়া বিশিষ্ট বক্তাসকলৰ ভিতৰত আছে জেনেৰেল ভি কে সিং, জি পি সিং, হিমা দাস আদি। তদুপৰি, ব্ৰহ্মপুত্ৰৰ বালিচৰত ৱাই-২০ ৰ প্ৰতিনিধিসকলৰ অৰ্থে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত বিশিষ্ট গায়ক পাপনে সংগীতানুষ্ঠান পৰিবেশন কৰিব।
জি-২০ দেশসমূহৰ ১৫০ৰো অধিক যুৱ প্ৰতিনিধিয়ে আগন্তুক ৮ ফেব্ৰুৱাৰীলৈকে হ'বলগীয়া বৈঠকত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীসমূহত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ১২,০০০ ৰোধিক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰিব। অসমৰ প্ৰতিখন উচ্চ শিক্ষানুষ্ঠানে সমীপৰ ১০খন বিদ্যালয়ত সজাগতা অভিযানৰ কাৰ্যসূচী হাতত লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জি-২০ গ্ৰুপিং আৰু ইয়াৰ কাম-কাজ সম্পৰ্কে সজাগ কৰি তুলিব।
উল্লেখ্য যে, ৱাই-২০ য়ে যুৱক-যুৱতীসকলক সমসাময়িক বিষয়সমূহৰ সন্দৰ্ভত তেওঁলোকৰ চিন্তা প্ৰকাশৰ এক মঞ্চ প্ৰশস্তৰ লক্ষ্যৰে কাম কৰে। ২০২৩ৰ ৬-৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য ৱাই-২০ ৰ আৰম্ভণি বৈঠকতে ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত ৱাই-২০ ৰ কাৰ্যক্ৰমৰ ৰূপৰেখা অংকিত হ’ব।
মন কৰিবলগীয়া যে, ২০১২ত আৰম্ভ হোৱা ৱাই-২০ হৈছে জি-২০ সন্মিলনৰ যুৱ সংস্কৰণ আৰু ই হৈছে যুৱক-যুৱতীসকল জি-২০ৰে জড়িত হ’বলৈ একমাত্ৰ আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত মঞ্চ। ই যুৱ নেতাসকলৰ বাবে অন্যতম প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চ। ইয়াৰোপৰি, ই জি-২০ ৰ অধীনস্থ আঠটা অফিচিয়েল এংগেজমেন্ট গ্ৰুপৰ অন্যতম।জি-২০ৰ অধ্যক্ষতাই যুৱ সন্মিলন আয়োজনৰ দায়িত্ব বহন কৰে। এই সন্মিলন সাধাৰণতে পৰম্পৰাগত ফৰামৰ কেইসপ্তাহমান পূৰ্বে অনুষ্ঠিত হয় যাতে যুৱক-যুৱতীসকলৰ ভাৱনা সম্পৰ্কে জ্ঞাত হ’ব পৰা যায় আৰু তেওঁলোকৰ পৰামৰ্শৰাজি নিজৰ নীতিগত প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰা হয়। এয়া হৈছে জি-২০ দেশসমূহৰ চৰকাৰ আৰু স্থানীয় যুৱক-যুৱতীসকলৰ মাজত সংযোগ স্থাপনৰ এটি প্ৰয়াস। ২০২৩ ৰ ৮ ফেব্ৰুৱাৰীত এই তিনি-দিনীয়া ৱাই-২০ৰ আৰম্ভণি বৈঠকৰ সামৰণি পৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 06, 2023, 14:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|