মুখ্যপৃষ্ঠা »খবৰ »অসম »স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি কণমানি সন্তানক কোলাত লৈ লিডুৰ পৰা DGP কাৰ্যালয়ত উপস্থিত হ’ল এইগৰাকী মহিলা

স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি কণমানি সন্তানক কোলাত লৈ লিডুৰ পৰা DGP কাৰ্যালয়ত উপস্থিত হ’ল এইগৰাকী মহিলা

আনকি ঘটনা সন্দৰ্ভত লিডু আৰক্ষী থানাত কেইজনমান ব্যক্তিৰ নাম দি গোচৰ ৰুজু কৰিছিল প্ৰাঞ্জলৰ পত্নী ঊৰ্বশী মৰাণে৷ কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে DGP অথবা কোনো মন্ত্ৰী–বিধায়কক লগ ধৰিব কৈছিল প্ৰাঞ্জলৰ পত্নীক৷

  • Share this:
চলিত বৰ্ষৰ ছয় জানুৱাৰীত লিডুত কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল বৰা নামৰ লোকজন৷ কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লাখনিত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত পৰিয়ালটোৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা ৷ ২ ফেব্ৰুৱাৰীত কয়লাখনিৰ মানুহ প্ৰাঞ্জলৰ ঘৰত গৈ পত্নী ঊৰ্বশী মৰাণক পাঁচ লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ মৃত্যু সন্দৰ্ভত৷ কিন্তু এটি তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধন, বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল৷

আনকি ঘটনা সন্দৰ্ভত লিডু আৰক্ষী থানাত কেইজনমান ব্যক্তিৰ নাম দি গোচৰ ৰুজু কৰিছিল প্ৰাঞ্জলৰ পত্নী ঊৰ্বশী মৰাণে৷ কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে DGP অথবা কোনো মন্ত্ৰী–বিধায়কক লগ ধৰিব কৈছিল প্ৰাঞ্জলৰ পত্নীক৷ আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপালে দুৰ্ভগীয়া মহিলাগৰাকীয়ে৷ অৱশেষত মঙলবাৰে কণমানি সন্তানটিক লৈ আৰক্ষী সঞ্চালকপ্ৰধানক লগ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় দুৰ্ভগীয়া ঊৰ্বশী৷

আৰক্ষী সঞ্চালকপ্ৰধানক সাক্ষাৎ লাভ নকৰিলেও ডিজিপি কাৰ্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াক সাক্ষাৎ কৰি সকলো কথা অৱগত কৰে মহিলাগৰাকীয়ে৷ তেওঁলোকৰ সকলো অভিযোগ লিখিত আকাৰে গ্ৰহণ কৰে আৰক্ষী সঞ্চালপ্ৰধানৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়াই৷ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ বিষয়াৰ সঁহাৰি পাই কিছু পৰিমাণে হ’লেও সকাহ পাই প্ৰাঞ্জল পত্নীয়ে৷

প্ৰাঞ্জলৰ পত্নীৰ বিশ্বাস, আৰক্ষী সঞ্চালপ্ৰধানৰ পৰা ন্যায় লাভ কৰিব তেওঁ৷ পিছে ঊৰ্বশী মৰাণে নাম উল্লেখ কৰা লোককেইজনৰ বিৰুদ্ধে আৰক্ষী সঞ্চালকপ্ৰধানে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যণীয়৷ একেদৰে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধেও কি ব্যৱস্থা লয় তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ থাকিব৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি