জালুকবাৰীৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাই হ’ব নেকি অসমৰ নতুন মুখ্যমন্ত্ৰী? শেহতীয়া সকলোধৰণৰ খবৰৰ ভিত্তিত হিমন্ত বিশ্ব শৰ্মাই নতুন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাই অধিক যদিও অন্তিম মূহূৰ্তত কি হয় সেয়া এতিয়াও অনিশ্চিত।
নতুন মুখ্যমন্ত্ৰীৰ নাম এই পৰ্যন্ত বিজেপি দলে ৰাজহুৱা কৰা নাই যদিও দলীয় সূত্ৰৰ মতে মুখ্যমন্ত্ৰীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম চুড়ান্ত কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই। কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী! কিন্তু বিজেপিৰ বিধায়িনী দলৰ বৈঠক নোহোৱাকৈ মুখ্যমন্ত্ৰীৰ নাম ৰাজহুৱা নকৰে বিজেপিয়ে। বিধায়িনী দলৰ বৈঠকত আনুষ্ঠানিকতা সম্পন্ন কৰিহে ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীৰ নাম।
প্ৰশ্ন হৈছে, যদি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয় তেনেহ’লে কি হ’ব সৰ্বানন্দ সোণোৱালৰ? সোণোৱাল পুনৰ দিল্লীৰ ৰাজনীতিলৈ উভতি যাব নে অসমতে থাকিব বিশেষ কিবা পদ লৈ? শীঘ্ৰেই ওৰ পৰিব সকলো উৎকণ্ঠাৰ।
লক্ষণীয় যে আজি পুৱাৰ পৰাই কেইবাজনো বিজেপি বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ আহিছে আৰু জানিব পৰা মতে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে।