মহানগৰত আবদ্ধ হৈ আছে এটা হাতী। খাদ্যৰ সন্ধানত বিচৰণ কৰি থকাৰ সময়তে আবদ্ধ হৈ পৰে পিতনিত। এই সন্দৰ্ভত বন বিভাগৰ লোকক খবৰ দিয়া হয়। স্থানীয় লোকে উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও ব্যৰ্থ হয়।
উল্লেখ্য, কেইদিনমান পূৰ্বৰে পৰা অৰণ্যৰ পৰা ওলাই আহি আছিল কেইবাটাও হাতী, পুনৰ অৰণ্যলৈ উভতি গৈছিল যদিও এইবাৰ পিতনিত পৰি কটকীপাৰাত আবদ্ধ হৈ পৰে হাতীটো।
গড়ভাঙা বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো। ৭–৯ বছৰীয়া হাতীটো কটকীপাৰাৰ পিতনিত পৰি থকা অৱস্থাত পুৱতিনিশা প্ৰত্যক্ষ কৰা হয়। স্থানীয় লোকে জানিবলৈ দিয়া মতে নিশা ৩ মান বজাত পাহাৰৰ পৰা নামি আহিছিল।
ইতিমধ্যে স্থানীয় লোকে হাতীটোলৈ কলগছ আদি খাদ্যৰ ব্যৱস্থা কৰিছে। উল্লেখ্য, কটকীপাৰা অঞ্চলটো মহানগৰীৰ জিলা পৰিবহণ কাৰ্যালয়ৰ পিছফালে অৱস্থিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।