মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰীৰ ৰাজপথত স্বামীক বিচাৰি হাহাকাৰ এগৰাকী পত্নীৰ, গৰ্ভৱতী পত্নীক পিতৃগৃহত থৈ অন্তৰ্ধান স্বামী

মহানগৰীৰ ৰাজপথত স্বামীক বিচাৰি হাহাকাৰ এগৰাকী পত্নীৰ, গৰ্ভৱতী পত্নীক পিতৃগৃহত থৈ অন্তৰ্ধান স্বামী

মহানগৰীৰ মালিগাঁও পাণ্ডুৰ বিবিচি কলনীৰ নিৱাসী দেৱাশিস সৰকাৰৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্ক হৈছিল নগাঁৱৰ এগৰাকী যুৱতীৰ৷ প্ৰায় তিনি বছৰ প্ৰেমৰ সম্পৰ্ক থকাৰ পাছত সামাজিক নীতি অনুসৰি বিবাহ হৈছিল দুয়োৰে ৷

  • Share this:
মহানগৰীৰ ৰাজপথত স্বামীক বিচাৰি হাহাকাৰ এগৰাকী পত্নীৰ। বিয়াৰ পিছতে গৰ্ভৱতী পত্নীক এৰি অন্তৰ্ধান হ’ল প্ৰতাৰক স্বামী। পত্নীক এৰি আন যুৱতীৰ সৈতে সংসাৰ কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।

মহানগৰীৰ মালিগাঁও পাণ্ডুৰ বিবিচি কলনীৰ নিৱাসী দেৱাশিস সৰকাৰৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্ক হৈছিল নগাঁৱৰ এগৰাকী যুৱতীৰ৷ প্ৰায় তিনি বছৰ প্ৰেমৰ সম্পৰ্ক থকাৰ পাছত সামাজিক নীতি অনুসৰি বিবাহ হৈছিল দুয়োৰে ৷

কিন্তু বিয়া সম্পন্ন হৈ যোৱাৰ পিছতে ঘটনাই গতি কৰিলে অন্য দিশে৷ পত্নীৰ অভিযোগ অনুসৰি, নিজ ঘৰ থকাৰ পিছতো দেৱাশিসে ভাড়াঘৰত ৰাখিলে নৱবিবাহিতা পত্নীক৷ সিমানেই নহয়, লাহে লাহে পত্নীৰ ওপৰত দেৱাশিসে শাৰীৰিক–মানসিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিলে৷ প্ৰতিমাহে দাবী কৰিলে টকা৷

অভিযোগ অনুসৰি, এই সকলোবোৰ অত্যাচাৰ নীৰৱে সহি গৈছিল যুৱতীগৰাকীয়ে৷ কিন্তু ইয়াৰ মাজতে হঠাতে পত্নীৰ সৈতে কোনো ধৰণৰ যোগসূত্ৰ নৰখা হ'ল প্ৰতাৰক দেৱাশিসে৷ পত্নীৰ নম্বৰ, হোৱাটচএপতো ব্লক কৰি থলে দেৱাশিসে৷ ইফালে বিবাহৰ এটা মাহৰ পিছতে গৰ্ভৱতী হোৱা পত্নীয়ে দেৱাশিসৰ সৈতে বহুবাৰ যোগাযোগ কৰিব বিচাৰিও ব্যৰ্থ হয়৷

এনে মানসিক অৱস্থাৰ বাবেই মৃত সন্তান প্ৰসৱ কৰিলে পত্নীয়ে৷ কিন্তু ইমানৰ পিছতো ধুৰন্ধৰ দেৱাশিসে কোনো যোগাযোগ নকৰাত আদাবাৰীৰ ঘৰলৈ গৈ হতভম্ব হৈ পৰে যুৱতীগৰাকী৷ কিয়নো প্ৰৱঞ্চক দেৱাশিসৰ আছে এগৰাকী পত্নী আৰু এটা দহবছৰীয়া সন্তান৷

ইফালে দেৱাশিসৰ পৰিয়ালেও কোনো সহযোগিতা নকৰিলে মহিলাগৰাকীক৷ উপায়ন্তৰ হৈ ভুক্তভোগী যুৱতীগৰাকীয়ে মহিলা আৰক্ষী থানাত দেৱাশিসৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে৷ পত্নীৰ অভিযোগ, দেৱাশিসে আত্মসাৎ কৰিছে সকলো সোণৰ অলংকাৰৰ লগতে আন বহু সামগ্ৰী৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি