মুখ্যপৃষ্ঠা »খবৰ »অসম »কাৰ কোপদৃষ্টি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত ?

কাৰ কোপদৃষ্টি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত ?

X
কাৰ //

কাৰ কোপদৃষ্টি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত ?

কাৰ কোপদৃষ্টি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত ? দীৰ্ঘদিন মেৰামতিৰ নামত ৰবীন্দ্ৰ ভৱন বন্ধ কৰি ৰখা কাৰ্যই বিৰূপ প্ৰভাৱ পেলাইছে সাংস্কৃতিক কৰ্মীৰ মাজত । ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছে বিগত প্ৰায় ৪ বছৰ ধৰি ৷  

  • Share this:
গুৱাহাটী, ২২ মাৰ্চ: কাৰ কোপদৃষ্টি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত? বছৰ বছৰজুৰি বন্ধ হৈ আছে ৰবীন্দ্ৰ ভৱন। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম প্ৰাণকেন্দ্ৰ এই ৰবীন্দ্ৰ ভৱন।

উল্লেখযোগ্য যে দীৰ্ঘদিন মেৰামতিৰ নামত ৰবীন্দ্ৰ ভৱন বন্ধ কৰি ৰখা কাৰ্যই বিৰূপ প্ৰভাৱ পেলাইছে সাংস্কৃতিক কৰ্মীৰ মাজত। ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছে বিগত প্ৰায় ৪ বছৰ ধৰি ৷

নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে আচবাবৰ লগতে বিভিন্ন যন্ত্ৰপাতি। পানী সোমোৱাৰ অজুহাতত বন্ধ কৰি ৰখা হৈছে সাংস্কৃতিক প্ৰাণকেন্দ্ৰটো। উল্লেখযোগ্য যে সাংস্কৃতিক সাংবাদিক সন্থা অসমেও অলপতে পৰিদৰ্শন কৰিছিল ৰবীন্দ্ৰ ভৱন।

শীঘ্ৰেই ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিয়াৰ দাবী জনাইছিল সন্থাই। কিন্তু আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। মেৰামতিৰ নামত ব্যয় হৈছে প্ৰায় ৮ কোটিকৈ টকা। কিন্তু এতিয়াও ব্যৱহাৰৰ উপযোগী হৈ উঠা নাই ৰবীন্দ্ৰ ভৱনটো।

বহু শিল্পী-কলা কুশলীৰ স্মৃতি জড়িত হৈ থকা ৰবীন্দ্ৰ ভৱনত পৰিছে নেকি কাৰোবাৰ কোপদৃষ্টি ! ৰবীন্দ্ৰ ভৱনৰ ভিতৰত প্ৰৱেশত বাধা দিয়া হয় সাংবাদিক বা অন্য লোককো। অন্যহাতে ৰবীন্দ্ৰ ভৱন বন্ধ হৈ থকাৰ বাবে চৰকাৰে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি