মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই কমিটীৰ অধ্যক্ষ অশোক সিংঘালে আজি এক সংবাদমেলত কৰা মন্তব্যৰ পাছতে কোনে কোনে মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই পাব তাৰ এক ইংগিত পোৱা গৈছে।
সেইমতে গ্ৰাম্য পৰিয়ালৰ যিসকলৰ বছৰি উপাৰ্জন ১ লাখতকৈ কম তেওঁলোককহে মাইক্ৰফাইনেঞ্চ কোম্পানীয়ে ঋণ দিব পাৰে। অশোক সিংঘালে কয় যে যি পৰিয়ালৰ বছৰি আয় ১ লাখৰ ওপৰত তেওলোক মুখ্যমন্ত্ৰীয়ে গঠন কৰা কমিটীৰ আওতাত নপৰিব। গতিকে বছৰি ১ লাখতকৈ কম আয়ৰ লোকে যদি মাইক্ৰফাইনেঞ্চৰ ঋণ লৈছে তেওঁ ৰেহাি পাব পাৰে।
৩১ ডিচেম্বৰ, ২০২০ৰ আগত ঋণ লোৱাসকলেহে মুখ্যমন্ত্ৰীয়ে গঠন কৰা মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই কমিটীৰ আওতাত আহিব।
যদি কোনো লোকৰ ঋণ NPA হৈ গৈছে তেন্তে এই ঋণ ৰেহাই কমিটীৰ আওতাত নপৰিব।
কৰ দিয়া লোক, চাৰিচকীয়া বাহন থকাসকল মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই কমিটীৰ আওতাৰ বাহিৰত থাকিব। এই চৰ্তসমূহৰ গণ্ডীৰ ভিতৰত পৰা ঋণ লোৱা লোকসকলে ঋণ ৰেহাই পোৱাৰ সম্ভাৱনা আছে।
আনহাতে যিসমূহ মাইক্ৰফাইনেঞ্চ কোম্পানীয়ে বেড লোণ দিছিল সেই লোণ লোৱা লোকৰো ঋণ ৰেহাইৰ সম্ভাৱনা আছে, যদিও এই পৰ্যন্ত কোনো সিদ্ধান্ত হোৱা নাই। কমিটীয়ে কয় যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিয়ম উলংঘা কৰি যিসমূহ ঋণ দিয়া হৈছে সেই সমস্ত বেড লোণৰ দায়িত্ব নিৰ্দিষ্ট কোম্পানীটোৱেই ল'ব লাগিব। এনে ক্ষেত্ৰত প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে বেড লোণ লাভ কৰা সকলে ঋণ ৰেহাই পোৱাৰ ক্ষীণ আশা আছে।
অশোক সিংঘালে কয়, "ঋণ দিয়া-লোৱা প্ৰক্ৰিয়াটো RBI নিয়মমতে হোৱা হ'লে কথাই নাছিল, যেতিয়াই নিয়ম অমান্য হ'ব তাত চৰকাৰে হস্তক্ষেপ কৰিবলৈ বাধ্য।"
প্ৰায় ২৬ লাখ মহিলাই মাইক্ৰফাইনেঞ্চৰ পৰা প্ৰায় ১২,৫০০ কোটি টকা ঋণ লৈছে। ৩৩টা মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠান, ৩টা বেংক আৰু ৪টা ক্ষুদ্ৰ বেংকক ধৰি মুঠ ৪০জন লেণ্ডাৰে এই বিশাল পৰিমাণৰ ঋণ দিছে। অশোক সিংঘালে কয় যে প্ৰতিষ্ঠানবোৰে মানিলেহে ঋণ ৰেহাইৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা যাব।
দুখীয়া পৰিয়ালক সহায় কৰাৰ বাবে চৰকাৰে আসাম মাইক্ৰফাইনেঞ্চ এক্ট আনিছিল। নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে প্ৰথম কেবিনেটতে এই সন্দৰ্ভত কমিটীও গঠন কৰি দিছিল, যাতে ঋণ লৈ পৰিশোধ কৰিব নোৱৰা দৰিদ্ৰ লোকসকল আত্মসন্মানসহ জীয়াই থাকিব পাৰে। মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই কমিটীৰ অধ্যক্ষ অশোক সিংঘালে আজি কৰা ঘোষণাৰ পাছত মাইক্ৰফাইনেঞ্চৰ ঋণ লৈ পিষ্ট হোৱা অসমৰ লাখ লাখ পৰিয়ালে অচিৰেই সকাহ পাব বুলি আশা কৰা হৈছে। কিন্তু কি কি চৰ্তত ঋণ ৰেহাই পাব সেয়া চুড়ান্ত কৰিবলৈ এতিয়াও বাকী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|