Covid পৰিৱেশৰ মাজত হ'ব শাৰদীয় দুৰ্গা পূজা (Durga Puja) ৷ এদিন পূৰ্বে শাৰদীয় দূৰ্গা পূজাৰ ইতিবাচক ইংগিত দিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷অৱশ্যে পূজাক লৈ ৰাজ্য চৰকাৰৰ স্বাস্হ্য বিভাগে প্ৰকাশ কৰিব পৃথক SOP। সাধাৰণ নীতি নিৰ্দেশৰ তুলনাত কঠোৰ হ'ব শাৰদীয় পূজাৰ নিৰ্দেশ ৷ সেয়ে পূজাৰ পূৰ্বে ৰাজ্যবাসীক ভেকচিন ল'বলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ ৷
অৱশ্যে মুখ্যমন্ত্ৰীৰ এই ইতিবাচক ইংগিতৰ পাছতে মৃৎ শিল্পী তথা কাৰিকৰৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ পূজা সম্বন্ধীয় SOP কেতিয়া প্ৰকাশ পাব তাৰ উল্লেখ নাই ৷ একেদৰে বিগত বৰ্ষত দেৱীৰ প্ৰতিমাৰ উচ্চতা সন্দৰ্ভত প্ৰকাশ হৈছিল নীতি নিৰ্দেশ ৷ যি নিৰ্দেশৰ ভিত্তিত দেৱী সজাবলৈ আগতীয়া যোগাযোগ কৰিছিল মৃত শিল্পীৰ সতে ৷ চৰকাৰে আগতীয়া তেনে নিৰ্দেশ প্ৰকাশ নকৰা বাবে এতিয়ালৈ যোগাযোগ নাই কোনো পূজা সমিতিয়ে ৷ যাক লৈ বিপাঙত তেওঁলোক ৷ যিহেতু পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী তেনে সময়ত স্বাভাৱিকতে কি হ'ব তাক লৈ বিভিন্ন প্ৰশ্ন এই শিল্পীসকলৰ মনত...
Published by: Kokil Sarma
FIRST PUBLISHED : September 11, 2021, 16:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|