
কোভিড সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা ।
কোভিড সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা ।
কোভিড সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি হাত বজাৰৰ লগতে বহুতো ৰাজহুৱা স্থানত কৰা হয় চেনিটাইজাৰ ।
ৰাজ্যৰ লগতে মহানগৰীত মহামাৰী ক'ৰোণাৰ গণ সংক্ৰমণ । ইয়াৰ মাজতে কোভিড প্ৰতিৰোধৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটীসমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । বিধায়ক কলিতাই শুক্ৰবাৰে কাহিকুচি গাঁও পঞ্চায়ত উদ্যোগ, আজাৰা ৰাজহ চক্ৰ কাৰ্যালয়, আজাৰা আৰক্ষী থানা, বৰঝাৰ আৰক্ষী চকী আৰু অগ্নি নিৰ্বাপক বাহিনীক লগত লৈ প্ৰথমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চেনিটাইজ কৰি কাহিকুচি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন হাট-বজাৰ আৰু কণ্টেইনমেণ্ট জ'নত চেনিটাইজ কৰাৰ উপৰিও ধাৰাপুৰ, আজাৰা আদি বিভিন্ন অঞ্চলৰ হাট-বজাৰ, ৰাজহুৱা স্থানত চেনিটাইজৰ ব্যৱস্থা কৰে যাতে কোভিড সংক্ৰমণ ৰোধ হয় ।। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ মৰ্মে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আৰম্ভ কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ অধীনত থকা পঞ্চায়তসমূহৰ হাট-বজাৰ আৰু ৰাজহুৱা স্থানসমূহ চেনিটাইজ কৰা কাৰ্য্য ।।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|