মুখ্যপৃষ্ঠা »খবৰ »অসম »Weather Report: কিমান দিনলৈ থাকিব শীতৰ প্ৰকোপ, বৰষুণৰো আগজাননী, জানি লওক বতৰৰ সবিশেষ

Weather Report: কিমান দিনলৈ থাকিব শীতৰ প্ৰকোপ, বৰষুণৰো আগজাননী, জানি লওক বতৰৰ সবিশেষ

সাংকেতিক ছবি

সাংকেতিক ছবি

Weather Report: অসমৰ লগতে উত্তৰপূবৰ অন্য ৰাজ্যসমূহতো ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য এতিয়া শীতৰ শীতল কোলাত । আগন্তুক দুদিনত গুৱাহাটীত অব্যাহত থাকিব প্ৰচণ্ড শীত। ২৯ আৰু ৩০ জানুৱাৰীত গুৱাহাটী (Guwahati)ত শীতৰ প্ৰকোপ থাকিব বুলি আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Center)ই। পুৱা প্ৰচণ্ড শীত থাকিলেও দুপৰীয়াৰ পৰা আকাশ মুকলি হ'ব।

RMCয়ে দিয়া বতৰৰ আগজাননী মতে ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অসমৰ বিভিন্ন ঠাইত শীতৰ লগতে বৰষুণে জাৰৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে। ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জনোৱাৰ লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত মহানগৰ গুৱাহাটীত বৰষুণ হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

অসমৰ লগতে উত্তৰপূবৰ অন্য ৰাজ্যসমূহতো ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম, মেঘালয় (Meghalaya) আৰু নাগালেণ্ড (Nagaland)ত বৰষুণৰ সম্ভৱনা আছে বুলি জনাইছে RMCয়ে।

অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ত তুষাৰপাত হোৱাৰ আগজাননী দিছে RMCয়ে। ২৯ জানুৱাৰীৰ পৰা তাৱাঙত বৰফ পৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে RMCয়ে।

আনহাতে মেঘালয়ৰ ৰাজধানী ছিলঙত ১ আৰু ২ ফেব্ৰুৱাৰীত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে RMCয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি