মুখ্যপৃষ্ঠা »খবৰ »অসম »Deepor Bil: দীপৰ বিল ৰক্ষাৰ বাবে আন্দোলনত নামিল ভাৰতৰ 'জল মানৱ'

Deepor Bil: দীপৰ বিল ৰক্ষাৰ বাবে আন্দোলনত নামিল ভাৰতৰ 'জল মানৱ'

THE WATER MAN OF INDIA: বিশ্বত জলাশয় ৰক্ষাৰ বাবে প্ৰতিবাদ কৰা THE WATER MAN OF INDIA নামেৰে জনাজাত ডঃ ৰাজেন্দ্ৰ সিং উপস্থিত হৈ প্ৰতিবাদ কৰে দীপৰ বিল সুৰক্ষাৰ বাবে।

THE WATER MAN OF INDIA: বিশ্বত জলাশয় ৰক্ষাৰ বাবে প্ৰতিবাদ কৰা THE WATER MAN OF INDIA নামেৰে জনাজাত ডঃ ৰাজেন্দ্ৰ সিং উপস্থিত হৈ প্ৰতিবাদ কৰে দীপৰ বিল সুৰক্ষাৰ বাবে।

THE WATER MAN OF INDIA: বিশ্বত জলাশয় ৰক্ষাৰ বাবে প্ৰতিবাদ কৰা THE WATER MAN OF INDIA নামেৰে জনাজাত ডঃ ৰাজেন্দ্ৰ সিং উপস্থিত হৈ প্ৰতিবাদ কৰে দীপৰ বিল সুৰক্ষাৰ বাবে।

  • Share this:
দীপৰ বিল (Deepor Bil) এতিয়া সংকটৰ গৰাহত। দীপৰ বিল জীয়াই ৰখাৰ বাবে স্থানীয় লোকে প্ৰতিবাদ কৰি আহিছে যদিও কোনো সঁহাৰি নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ। সেয়েহে দীপৰ বিলৰ পানী প্ৰদূষণ মুক্ত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা বিশ্বৰ প্ৰখ্যাত "দা ৱাটাৰ মেন অফ ইণ্ডিয়া" প্ৰথম  বাৰৰ বাবে গুৱাহাটীত উপস্থিত হৈ দীপৰ বিল ৰক্ষাৰ বাবে প্ৰতিবাদ কৰে।

বিশ্ব বিখ্যাত জলাশয় গুৱাহাটী (Guwahati) মহানগৰীৰ মনোৰম দীপৰ বিল এতিয়া সংকটৰ গৰাহত। গুৱাহাটী মহানগৰীৰ জাৱৰৰ দ'ম বুকুত লৈ জীয়াই থকা দীপৰ বিলৰ পানী প্ৰদূষিত। যাৰ ফলত দীপৰ বিলে হেৰুৱাব লগীয়া হৈছে জলজ সম্পদ আৰু কমিছে বিদেশী চৰাইৰ আগমন। দীপৰ বিলত গাতে লাগি থকা ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বাবে মৃত্যু মুখত পৰিব দীপৰ বিল আৰু ব্যৱসায়ীক আগ্ৰাসনৰ বাবেও ভাবুকি আহিছে দীপৰ বিললৈ।  ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলৰ পানী প্ৰদূষণ কৰিছে যদিও ডাম্পিং গ্ৰাউণ্ড উঠোৱা ব্যৱস্থা গ্ৰহণ নকৰিলে GMC, GMDA তথা চৰকাৰে।

দীপৰ বিল ৰক্ষাৰ বাবে স্থানীয় লোকে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিশ্বত জলাশয় (Wetland) ৰক্ষাৰ বাবে প্ৰতিবাদ কৰা 'THE WATER MAN OF INDIA' নামেৰে জনাজাত ডঃ ৰাজেন্দ্ৰ সিং উপস্থিত হৈ প্ৰতিবাদ কৰে দীপৰ বিল সুৰক্ষাৰ বাবে। বিশ্বৰ প্ৰায় ১২০ দেশত জলাশয় ৰক্ষাৰ প্ৰতিবাদ কৰা ডঃ ৰাজেন্দ্ৰ সিঙে প্ৰতিবাদ কৰি বিশ্বৰ বহু মৃত্যুমুখী জলাশয় পুনৰজীৱিত কৰিছে। সেয়েহে দীপৰ বিল ৰক্ষাৰ বাবে স্থানীয় লোকে প্ৰাতিবাদ কৰাৰ পিছতও কোনো ফল নোপোৱাত দীপৰ বিল জলাশয় সুৰক্ষাৰ বাবে দীপৰ বিলৰ পাৰত প্ৰতিবাদ কৰে ৰাজেন্দ্ৰ সিঙে। ডঃ ৰাজেন্দ্ৰ সিঙৰ লগতে  IHRBC অধ্যক্ষ জল আৰু জলবায়ু সংকটৰ ৰাষ্টীয় পৰ্যায়ৰ অভিজ্ঞ ডঃ ইন্দিৰা খুৰাণী, গান্ধীয়ান পৰিবেশ আৰু সমাজ কৰ্মী ৰমেশ চান্দ শৰ্মাও উপস্থিত আছিল।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি