গুৱাহাটীত খোৱাপানীৰ নাটনি। মহানগৰীৰ ভিন্ন প্ৰান্তত পানী ক্ৰয় কৰি কৰি ভাগৰি পৰিছি মহানগৰবাসী। এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লাগে মহানগৰবাসীয়ে।
উল্লেখযোগ্য যে চৰকাৰে গুৱাহাটীৰ পানীৰ সমস্যা সমাধানৰ বাবে বহু আঁচনি লৈছে যদিও আজিও ফলপ্ৰসূ হ'ব পৰা নাই। বিভাগৰ পৰা যোগান ধৰা পানী পৰ্যাপ্ত নহয় গুৱাহাটীবাসীৰ বাবে।
জাইকা প্ৰকল্পৰ দ্বাৰা পানী লাভ কৰিবৰ বাবে ১৩ বছৰ ধৰি আশাৰে বাট চাই আছে মহানগৰবাসীয়ে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ পাহাৰৰৰ টিলাসমূহত বাস কৰা জনতাৰো শোচনীয় অৱস্থা। খোৱতো বাদেই, কাপোৰ-কানি ধুবলৈ বা স্নান কৰিবলৈও পানীৰ অভাৱ।
গুৱাহাটীৰ হাতীগাঁও, হেঙেৰাবাৰী, জু-ৰোড, নুনমাটি আদিকে ধৰি বিভিন্ন প্ৰান্তত আজিও বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লাগে আঞ্চলবাসীয়ে। আনহাতে ইয়াৰে সুবিধা গ্ৰহণ কৰি আহিছে একাংশই ৷ নিজা ঘৰৰ ব'ৰিঙৰ পানীৰ দ্বাৰা অবৈধভাৱে চলাইছে পানীৰ ব্যৱসায়ো।
খোৱাপানীৰ যোগানৰ বাবে বহু প্ৰান্তত চৰকাৰে বিভিন্ন আঁচনি লৈছে যদিও সফল হোৱাৰ মুখেই দেখা নাই। প্ৰায় ১৩ বছৰ ধৰি জাইকা প্ৰকল্পয়ো কোনোধৰণৰ সকাহ দিব পৰা নাই মহানগৰবাসীক।
মহানগৰবাসীৰ দীৰ্ঘদিনীয়া এই পানীৰ সমস্যা আৰু কিমান দিনলৈ থাকিব? কেৱল প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ থাকিব নেকি নেতাৰ পানী যোগানৰ ভাষণ ?
Published by: Gautam Barman
FIRST PUBLISHED : March 23, 2023, 21:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।