মুখ্যপৃষ্ঠা »খবৰ »অসম »GU-IDOLকেলেংকাৰীৰ তদন্ত প্ৰসংগত প্ৰথমবাৰৰ বাবে উপাচাৰ্যৰ প্ৰতিক্ৰিয়া, দোষী সাব্যস্ত কোনো লোককে ৰেহাই দিয়া নহ'ব বুলি মন্তব্য।

GU-IDOLকেলেংকাৰীৰ তদন্ত প্ৰসংগত প্ৰথমবাৰৰ বাবে উপাচাৰ্যৰ প্ৰতিক্ৰিয়া, দোষী সাব্যস্ত কোনো লোককে ৰেহাই দিয়া নহ'ব বুলি মন্তব্য।

তদন্ত প্ৰক্ৰিয়াত কোনো বিলম্ব হোৱা নাই, বৰঞ্চ ক্ষীপ্ৰতাৰে আগবাঢ়িছে সকলো কাম-কাজ : উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ

তদন্ত প্ৰক্ৰিয়াত কোনো বিলম্ব হোৱা নাই, বৰঞ্চ ক্ষীপ্ৰতাৰে আগবাঢ়িছে সকলো কাম-কাজ : উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ

  • Share this:
আজিৰ পৰা ডেৰটা বছৰ পূৰ্বে সমগ্ৰ ৰাজ্যৰ শিক্ষাব্যৱস্থাক কঁপাই যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ GU-IDOL‌ কেলেংকাৰী সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে। বিগত কিছুদিন সংবাদ মাধ্যমত প্ৰচাৰিত বিভিন্ন বাতৰি সংক্ৰান্তত আজি নিউজ ১৮ৰ আগত উপাচাৰ্যগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। IDOL কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াত কোনো বিলম্ব হোৱা নাই বৰঞ্চ ইয়াৰ তদন্ত অতি ক্ষীপ্ৰতাৰে আগবাঢ়ি গৈ আছে বুলি উপাচাৰ্যগৰাকীয়ে স্পষ্টভাৱে জনায়।

২০১৯ চনৰ শেষৰফালে উপাচাৰ্য হিচাপে বিশ্ববিদ্যালয়ত যোগদানৰ পাছতেই নিজাববীয়াকৈ IDOL সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি প্ৰকাশ উপাচাৰ্য সন্দিকৈৰ। দায়িত্ব গ্ৰহণ কৰিয়েই তেখেতে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ ন্যায়াধীশ আলতাফ হুছেইন শ‌ইকীয়াৰ নেতৃত্বত গঠন কৰি দিছিল এখন তদন্ত আয়োগ। তেতিয়াৰে পৰা এই তদন্ত আয়োগে দ্ৰুতগতিত চলাই নিছিল নিজৰ তদন্ত প্ৰক্ৰিয়া। প্ৰায় ৮ মাহজোৰা তদন্তৰ পাছত শ‌ইকীয়া আয়োগে বিশ্ববিদ্যালয়ক নিজৰ প্ৰতিবেদন দাখিল কৰিছিল।

এই প্ৰতিবেদনত আয়োগে IDOL কেলেংকাৰীৰ অভিযুক্তসকলক সমগ্ৰ ঘটনাৰ বাবে দায়ী বুলি জনায় যদিও কোনো শাস্তিৰ কথা উল্লেখ কৰা নাছিল। সেয়েহে এই সংক্ৰান্তত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ বিচাৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰাজ্য চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল। উক্ত পত্ৰৰ পাছতেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়ক পৰামৰ্শ দিয়াত বিশ্ববিদ্যালয়ে এখন কমিটি গঠন কৰে। প্ৰাক্তন আই.পি.এছ. বিষয়া পল্লৱ ভট্টাচাৰ্যৰ নেতৃত্বত গঠন কৰা কমিটিয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত চলাই নিছে বুলি উল্লেখ উপাচাৰ্যগৰাকীৰ।

ইতিমধ্যে চলি থকা তদন্তৰ ফলাফল অহা ২৫ জুলাইৰ ভিতৰত ঘোষণা হ'ব বুলি তদন্তকাৰী বিষয়াই উপাচাৰ্য তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে বুলি উপাচাৰ্যগৰাকীয়ে প্ৰকাশ কৰে। তদন্ত প্ৰক্ৰিয়াত বিলম্ব হোৱা বা দোষীক ৰেহাই দিবলৈ চেষ্টা চলোৱা বুলি প্ৰকাশিত বাতৰিক লৈ আজি দুখ প্ৰকাশ কৰে উপাচাৰ্যগৰাকীয়ে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছাৰ প্ৰতাপজ্যোতি সন্দিকৈৰ মতে তদন্ত প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে চলি আছে আৰু এই কেলেংকাৰীত দোষী সাব্যস্ত কোনো লোককে ৰেহাই দিয়া নহ'ব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি