ৱিভা বাণী ইণ্ডিয়াৰ অসম ৰাজ্যিক শাখা আৰু অসম চৰকাৰৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠানৰ যুটীয়া উদ্যোগত তথা ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ লগতে অসম বিজ্ঞান, প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত ২৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ তিনিদিনীয়াকৈ 'বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন সামর্থ্যৰ জৰিয়তে বহনক্ষম উন্নয়ন' শীৰ্ষক এখন অসম ৰাজ্যিক সন্মিলনৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে, সন্মিলনখনৰ প্রথম দিনা, অর্থাৎ ২৫ নৱেম্বৰৰ আবেলি ৩.৩০ বজাৰ পৰা পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। তদুপৰি, আজি ২৬ নৱেম্বৰৰ পৰা কাইলৈ ২৭ নৱেম্বৰলৈকে দিনজোৰাকৈ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত কাম কৰি অহা বিভিন্ন বে-চৰকাৰী সংস্থা তথা সামাজিক দায়বদ্ধ অনুষ্ঠানৰ প্ৰতিনিধিৰ মাজত প্রশিক্ষণমূলক কর্মশালা অনুষ্ঠিত হৈ আছে। উক্ত কর্মশালাত প্রায় ১০০ গৰাকী তেনে অনুষ্ঠানৰ প্ৰতিনিধিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে, উক্ত সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰালয় তথা উত্তৰ-পূব পৰিষদৰ সচিব কে মোজেজ চেলাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে।