১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন। ৰাষ্ট্ৰপতি পদৰ UPA প্ৰাৰ্থী যশৱন্ত সিনহাই নিৰ্বাচনী প্ৰচাৰৰ বাবে বুধবাৰে বৰঝাৰৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত দুপৰীয়া অৱতৰণ কৰে।

বিমান বন্দৰতে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু UPA ৰ অংশিদাৰী দল তৃণমূল কংগ্ৰেছ, এআইইউডিএফৰ নেতাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গৰাকীক আদৰণি জনায়। যশৱন্ত সিনহাক বিমান বন্দৰতে আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিৰোধীৰ উপ দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন ছিকদাৰ, কমলক্ষ দে পুৰকায়স্থ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন আৰু পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে। লগতে আদৰণি জনায় এআইইউডিএফৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম, পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হক আৰু গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে। যশৱন্ত সিনহাক কেৱল বিমান বন্দৰত আদৰণি জনোৱাই নহয় তেওঁলৈ সমৰ্থন আগবঢ়োৱাৰ প্লে কাৰ্ড প্ৰদৰ্শন কৰে বিধায়ক তিনিগৰাকীয়ে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে ভূপেন বৰাক সমালোচনা কৰি NDA প্ৰাৰ্থীক সমৰ্থন কৰাৰ চিন্তা চৰ্চা কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক বদৰুদ্দিন আজমলে সাক্ষাৎ কৰিছিল। যশৱন্ত সিনহাই বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সভাত অংশ লব। বুধবাৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অহা এটা দলে যশৱন্ত সিনহাক আদৰণি জনায়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|