বিশ্ববিদ্যালয় অনুদান আয়োগে বন্ধ কৰিব সকলো আঞ্চলিক কাৰ্যালয়। খবৰ অনুসৰি, সমগ্ৰ দেশতে বন্ধ হ’ব ৬ টা আঞ্চলিক কাৰ্যালয়। পুনে, কলকাতা, বেংগালুৰু, ভূপাল, গুৱাহাটী আৰু হায়দৰাবাদত বন্ধ হ’ব আঞ্চলিক কাৰ্যালয়।
উল্লেখযোগ্য যে, এতিয়াৰ পৰা সকলো কাম পৰিচালিত হ’ব দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা। সকলো কৰ্মৰত লোকক আঞ্চলিক কাৰ্যালয় বন্ধ কৰি দিল্লীলৈ যাবলৈ নিৰ্দেশ কৰ্তৃপক্ষৰ।
জানিব পৰা অনুসৰি, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তনৰ কাৰণে দিল্লীত প্ৰয়োজন অধিক লোক, সেয়ে এনে সিদ্ধান্ত লোৱা হৈছে।
আনহাতে, ইণ্টাৰনেটৰ যুগত আঞ্চলিক কাৰ্যালয়ৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য অধ্যাপক এম কে শ্ৰীধৰৰ।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|