কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ তথা উদ্যমিতা দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান (Dharmendra Pradhan) আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই আজি বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ কুইন ওজাৰ উপস্থিতত আমিনগাঁৱস্থিত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ প্ৰযুক্তি ইনকিউবেশ্যন কেন্দ্ৰ (Technology Incubation Centre) আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ উপৰি অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২ আনুষ্ঠানিকভাৱে মুকলি কৰে।
অনুষ্ঠানত তিনিগৰাকী যুৱ উদ্ভাৱকক যুৱ উদ্ভাৱনী উদ্যোগী বঁটা প্ৰদান কৰাৰ উপৰি ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান কৰা হয়। ২০২০ বৰ্ষৰ এই বঁটা লাভ কৰিছে ক্ৰমে ড০ জয়ন্তী চুতীয়া ( জীৱনজোৰা সাফল্য বঁটা), ড০ হেমেন কুমাৰ কলিতা (যুৱ বিজ্ঞানী বঁটা), ইনষ্টিটিউট অৱ এডভান্স ছয়েঞ্চ এণ্ড টেকন’ল’জী (প্ৰতিষ্ঠানিক বঁটা)য়ে। আনহাতে ২০২১ বৰ্ষৰ অসম ৰাজ্যিক বিজ্ঞান বঁটা লাভ কৰিছে ক্ৰমে অধ্যাপক স্বৰ্গীয় ধীৰাজ বৰা (জীৱনজোৰা সাফল্যৰ বঁটা) আৰু ড০ ৰূপম গোস্বামী (যুৱ বিজ্ঞানী বঁটা)য়ে।
এই অনুষ্ঠানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰকী তথা মুখ্যমন্ত্ৰীয়ে “ষ্টাৰ্ট আপ যাত্ৰা অসম”ৰ ফ্লেগ অফ্ কৰাৰ উপৰি “শ্যামলিমা কামৰূপ” শীৰ্ষক কামৰূপ জিলাৰ এক বৃহৎ বৃক্ষৰোপণ কাৰ্য্যসূচীৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উল্লেখ্য যে উক্ত প্ৰকল্পৰ জৰিয়তে কামৰূপ জিলাত ৩০ লাখ গছপুলি ৰোপণৰ পদক্ষেপ লোৱা হৈছে।
আজিৰ এই অনুষ্ঠানতে ৭টা প্ৰতিষ্ঠানৰ সৈতে ষ্টাৰ্ট আপৰ এক উপযুক্ত পাৰিপাৰ্শ্বিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বুজাবুজিৰ চুক্তিৰো হস্তান্তৰ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় শিক্ষা, দক্ষতা উন্নয়ন তথা উদ্যমিতা দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজিৰ দিনটোক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰবাবে এক গুৰুত্ব পূৰ্ণ দিন বুলি অভিহিত কৰে। কিয়নো জৈৱ প্ৰযুক্তি তথা জৈৱিক কৃষিৰ দিশত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই ৰূপান্তৰৰ যাত্ৰা সূচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ জৈৱ প্ৰযুক্তি উদ্যানৰ সপোন আজি প্ৰযুক্তি ইনকিউবেশ্যন কেন্দ্ৰ উদ্ধোধনৰ জৰিয়তে বাস্তৱায়িত হৈছে বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে অসমে জৈৱ প্ৰযুক্তিৰ ৰূপান্তৰৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 20, 2022, 21:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।