গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতীয়ে (Guwahati Girl) আলফা স্বাধীন (ULFA-I)ত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। আলফা স্বাধীনত যোগদান কৰা বুলি খবৰ প্ৰকাশ পোৱা যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ উজান বজাৰ (Uzan Bazar)ৰ খাৰঘূলীৰ জয়পুৰত।
যুৱতী দুগৰাকীয়ে ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ যাঁও বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল বুলি জানিব পৰা গৈছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে যুৱতী দুগৰাকীয়ে বুধবাৰে আলফা স্বাধীনৰ কেম্পত উপস্থিত হৈছে। আন এক সূত্ৰই জনোৱা মতে উজনিৰ এজন শীৰ্ষ আলফা নেতাৰ তত্বাৱধানত যুৱতী দুগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰিছে।
যুৱতী দুগৰাকীয়ে কমফোৰ্ট নামৰ এটা কোম্পানীত কাম কৰিছিল। আনহাতে এগৰাকী যুৱতীৰ ভায়েকে ফাঁচী বজাৰ (Fancy Bazar)ৰ এখন দোকানত কাম কৰে বুলি জানিব পৰা গৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|