মঙলবাৰে চূড়ান্ত হ'ব মেট্ৰিক আৰু H.S পৰীক্ষাৰ SOP। ক'ভিড সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে ১৫ বা ১৬ জুনত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ভাল খবৰ। বুদ্ধিজীৱী সংগঠন, স্বাস্হ্য বিভাগ, শিক্ষা বিভাগ, ব'ৰ্ডৰ সৈতে মঙলবাৰে দিনৰ ১১ বজাত জনতা ভৱনত বৈঠক শিক্ষামন্ত্ৰীৰ। বৈঠকত উপষ্ঠিত থকাৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ।
ইপিনে ছাত্ৰ সংগঠন NSUIকে ধৰি একাংশই টুইটাৰত এক মিলিয়নৰো অধিক টুইটেৰে চৰকাৰৰ পৰীক্ষা বাতিল কৰাৰ বাবে দাবী জনাইছিল। বহুতেই চৰকাৰৰ শীঘ্ৰেই পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত প্ৰকাশ কৰাৰ বাবেও অনুৰোধ জনাইছিল। তেনে সময়তে চৰকাৰে লৈছে এই পদক্ষেপ।
Published by: Kokil Sarma
FIRST PUBLISHED : June 07, 2021, 16:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।