‘পথ সুৰক্ষা – জীৱন ৰক্ষা” শ্লোগানেৰে আজিৰে পৰা আৰম্ভ হ'ল পৰিবহণ বিভাগৰ 'শুভ যাত্রা'। পথ সুৰক্ষা সপ্তাহ উপলক্ষে ISI MARK যুক্ত হেলমেট ব্যৱহাৰৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই বিশেষ কাৰ্য্যসূচী। মুকাভিনয়ৰ জৰিয়তে সজাগতা সৃষ্টি পৰিবহণ বিভাগৰ। ভাৰতীয় মানক ব্যুৰোৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আর্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰা হৈছে সজাগতামূলক কাৰ্যসূচী। ISI MARK যুক্ত হেলমেট পৰিধানৰ বাবে আহ্বান সকলোকে। কিদৰে পৰীক্ষা কৰিব ISI MARK তাকো বুজাই দিয়া হৈছে সকলোকে।
আর্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত সজাগতামূলক কাৰ্যসূচীত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী, সিদ্ধাৰ্থ গোস্বামী, কিংকিনী শৰ্মা, পৰিবহণ আয়ুক্ত গৌতম দাসৰ লগতে উপস্থিত থাকে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতি আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, ছাত্ৰ ছাত্ৰী। শুকুৰবাৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী পৰৰ্ৱতী সময়ত কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰীৰ আন মহাবিদ্যালয়সমূহত অনুষ্ঠিত কৰিব কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিয়ে। মুকাভিনয়ৰ জৰিয়তে সজাগতা সৃষ্টি আৰু বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ ভিডিঅ প্ৰদৰ্শন কৰি সজাগতা সৃষ্টি কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : March 24, 2023, 16:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।