মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Govt. Jobs: নিযুক্তি পালেও যানজঁটৰ তিক্ত অভিজ্ঞতা লৈ ঘৰলৈ উভতিল বহু প্ৰাৰ্থী

Assam Govt. Jobs: নিযুক্তি পালেও যানজঁটৰ তিক্ত অভিজ্ঞতা লৈ ঘৰলৈ উভতিল বহু প্ৰাৰ্থী

Traffic jam in Guwahati

Traffic jam in Guwahati

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা পল্টন বজাৰ ৰে'লৱে ষ্টেচনলৈ জি এচ ৰ'ড হৈ খোঁজ কাঢ়িয়েই যাত্ৰা আৰম্ভ কৰে বহু প্ৰাৰ্থীয়ে ৷

  • Share this:
গুৱাহাটী, ২৫ মে': আজি অনুষ্ঠিত হ'ল অসম চৰকাৰৰ নিযুক্তি সমাৰোহ । এই সমাৰোহত ৪৪,৭০৩ গৰাকী যোগ্যতা সম্পন্ন যুৱক যুৱতীয়ে লাভ কৰিলে নিযুক্তিপত্ৰ । কিন্তু এই অনুষ্ঠান শেষ হোৱাৰ পাছতেই গুৱাহাটীৰ জি এচ ৰ'ডত সৃষ্টি হয় অভাৱনীয় ভিৰ । গুৱাহাটীত আজি এই অনুষ্ঠানৰ বাবে চলাচল কৰিছিল সীমিত সংখ্যক চিটী বাছ ।

যাৰ বাবে অনুষ্ঠানৰ শেষত বহু প্ৰাৰ্থীয়ে খোঁজ কাঢ়িয়েই ৰে'ল ষ্টেচনলৈ বুলি আগবাঢ়ে । বহুতে অট' বুক কৰে যদিও অট' বা কেব চালকসকলেও আচম্বিতে বৃদ্ধি কৰে ভাৰা ৷

ফলত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা পল্টন বজাৰ ৰে'লৱে ষ্টেচনলৈ জি এচ ৰ'ড হৈ খোঁজ কাঢ়িয়েই যাত্ৰা আৰম্ভ কৰে বহু প্ৰাৰ্থীয়ে ।অন্যহাতে বাছতো পাবলৈ নাই টিকট । দুৰ দুৰণিৰ পৰা অহা প্ৰাৰ্থীসকলে নিশাটো কটাম বুলি ভাবিলেও বেছিভাগ হোটেল বা ল'জতে খালী নাই কোঠা ৷ যাৰ বাবে বিমোৰত পৰে প্ৰাৰ্থীসকল।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি