ৰাজ্য চৰকাৰে অব্যাহত ৰখা উচ্ছেদ অভিযানৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেন গোঁহাই । ইতিমধ্যে বহু ঠাইত প্ৰশাসনৰ হাতুৰী আৰু বুলড'জাৰৰ কোব পৰিছে বেদখলকাৰীৰ বাসগৃহত ।
উল্লেখযোগ্য যে উচ্ছেদিত বহুতে ক্ষতিপূৰণৰ দাবীত বৰ্তমানেও অব্যাহত ৰাখিছে প্ৰতিবাদ । বহুতে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে বাচি বাচিহে চলাইছে উচ্ছেদ অভিযান ৷ হোজাই, শিলসাঁকো, লামডিং, শিৱসাগৰ আদিকে ধৰি বিভিন্ন প্ৰান্তত চলি আছে উচ্ছেদ অভিযান । ড° গোহাঁইৰ মতে এই উচ্ছেদ অমানৱীয় ।
উচ্ছেদিত লোকসকল অসমৰে বাসিন্দা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ড° হীৰেন গোহাঁয়ে । একে সময়তে চৰকাৰৰ এনে উচ্ছেদৰ বিৰুদ্ধে বিৰোধীও সৰৱ হৈছে । উল্লেখযোগ্য যে, বিৰোধীৰ বহু বিধায়কৰ মতে, চৰকাৰে উচ্ছেদৰ নামতো স্বজন-তোষণ চলাইছে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 26, 2023, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।