আজি গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত অনুষ্ঠিত ভাৰতৰ G-20ৰ অধ্যক্ষতাৰ অধীনত SAI-20 এংগেজমেন্ট গ্ৰুপৰ প্ৰথমখনি জ্যেষ্ঠ বিষয়াৰ বৈঠকৰ সামৰণি পৰে। ভাৰতৰ কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল (CAG) আৰু সৰ্বোচ্চ নিৰীক্ষণ প্ৰতিষ্ঠান-২০ (SAI20) এংগেজমেন্ট গ্ৰুপৰ অধ্যক্ষ গিৰীশ চন্দ্ৰ মূৰ্মুয়ে ইয়াত সামৰণি ভাষণ প্ৰদান কৰে।
চিএজি গিৰীশ চন্দ্ৰ মূৰ্মুয়ে তেওঁৰ সামৰণি ভাষণত নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ সন্দৰ্ভত এই দুদিনীয়া আলোচনাত উদ্ভাসিত জ্ঞানৰ সমৃদ্ধিৰ শলাগ লয়। তেওঁ এই দুই অগ্ৰাধিকাৰ ক্ষেত্ৰত দায়বদ্ধ কাঠামো গঢ়ি তোলা আৰু ইয়াৰ সুদৃঢ়কৰণৰ অৰ্থে সহযোগিতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।
মূৰ্মুয়ে কয় যে যদিও বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰতিখন ৰাষ্ট্ৰৰে নিজ-নিজ প্ৰত্যাহ্বান আছে, তথাপিও সামূহিক জ্ঞানৰ আধাৰত এক উন্নত, ব্যাপকভাৱে অনুকৰণযোগ্য জ্ঞান ব্যৱস্থাৰে এই লক্ষ্যত উপনীত হ’ব পাৰি। তেওঁ লগতে কয় যে প্ৰতিনিধিসকলৰ অভিজ্ঞতা আৰু পৰামৰ্শৰাজিয়ে ফলপ্ৰসূ অডিটৰ বাবে অডিটিং গাইডলাইন আৰু টুলকিটৰ ৰূপত স্পষ্ট ফলাফলৰ লাভৰ অৰ্থে এক সুনিৰ্দিষ্ট পথ প্ৰদান কৰিব।
ইফালে, ডেপুটি কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল পাৰবীন মেহতাই গঠনমূলক আৰু ফলপ্ৰসূ আলোচনাৰ বাবে সকলো আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধিক ধন্যবাদ জনোৱাৰ লগতে SAI-20ৰ জ্যেষ্ঠ বিষয়াৰ বৈঠকৰ সকলো কাৰ্য্যসূচীতে তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে এই কাৰ্য্যসূচীক সাফল্যমণ্ডিত কৰি তুলিলে বুলি কয়। তেওঁ লগতে কয় যে ইয়াতে জুনত অনুষ্ঠিতব্য এছএআই-২০ সন্মিলনৰ ৰূপৰেখা অংকিত হৈছে।
আজিৰ জ্যেষ্ঠ বিষয়াৰ বৈঠকখনত এছএআই-২০ কমিউনিকৰ জিৰ’ ড্ৰাফ্টৰ আলোচনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। এছএআই-২০ৰ সদস্য এছএআইসমূহৰ প্ৰতিনিধিসকলে কমিউনিকৰ জিৰ’ ড্ৰাফ্টলৈ ব্যাপকভাৱে সমৰ্থন প্ৰকাশেৰে ২০২৩ৰ জুনত অনুষ্ঠিতব্য এছএআই-২০ সন্মিলনত এখনি অন্তৰ্ভুক্তিমূলক, নিৰ্ণায়ক আৰু কাৰ্য্য-মুখী কমিউনিক যুগুত কৰিবলৈ তেওঁলোকৰ মূল্যৱান চিন্তা আৰু পৰামৰ্শ আগবঢ়ায়।
জি-২০ৰ সদস্য এছএআইৰ প্ৰতিনিধি, অতিথি দেশৰ এছএআইৰ প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিনিধিসকলকো উক্ত এছএআই-২০ৰ জ্যেষ্ঠ বিষয়াৰ বৈঠকত বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। প্ৰতিনিধিসকলে তেওঁলোকৰ সাধাৰণ বিবৃতিত অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ব্যাপক প্ৰাসংগিকতা সন্দৰ্ভত সহমত প্ৰকাশৰ লগতে প্ৰেজেনটেচনসমূহৰ শলাগ লয়। প্ৰতিনিধিসকলে লগতে যোৱা ২ দিনৰ আলোচনাৰাজিৰ ফলপ্ৰসূতাৰ শলাগ লয়।
সামৰণি অধিবেশনৰ পিছত ভাৰতৰ কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল মূৰ্মুৱে এখনি সংবাদমেল সম্বোধন কৰি কয় যে এই দুদিনীয়া বৈঠকত সদস্য দেশসমূহে এই সহমতত উপনীত হয় যে নীল অৰ্থনীতি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দায়বদ্ধ ব্যৱহাৰ আদি উদীয়মান বিষয়সমূহ অডিট সমাজে সম্বোধন কৰিব লাগিব, জ্ঞানৰ বিনিময় কৰিব লাগিব তথা বিশেষজ্ঞতাৰ আদান-প্ৰদান আৰু লগতে সামৰ্থ্য বিকাশত পৰস্পৰে-পৰস্পৰক সহায় কৰিব লাগিব । এই দুদিনীয়া বৈঠকত জি-২০ৰ সদস্য এছএআই, পৰ্য্যবেক্ষক এছএআই আৰু বিশ্ব বেংকৰ প্ৰায় ৩৮ জন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে আমন্ত্ৰিত সংস্থা হিচাপে অংশগ্ৰহণ কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : March 14, 2023, 23:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।