অসমৰ সাংস্কৃতিক সামাজিক অনুষ্ঠান নৃত্যাঞ্জলি একাডেমীৰ উদ্যোগত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ আৰু বাংলাদেশ আৰ্টিষ্ট গ্রুপৰ সহযোগত ২ মে’ৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনৰ কলা বীথিকাত ‘দ্য ব্রীজ : ইণ্ডো-বাংলা শিল্পকলা প্ৰদৰ্শনী’ অনুষ্ঠিত হৈ আছে আৰু ই ৬ মে’ লৈকে চলি থাকিব।
উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন দেশৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক, সৃষ্টিমূলক প্রতিভা তথা ভাবক একক মঞ্চত উত্থাপন কৰাৰ উদ্দেশ্যেৰেই ২০১৪ চনৰে পৰা এনে অনুস্থানৰ আয়োজন কৰি অহা হৈছে। উক্ত প্রদর্শনীখনত উপস্থিত থাকে অসম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, দিল্লী, ক’লকাতা আৰু বাংলাদেশৰ বহু কেইগৰাকী গুণী শিল্পী। শিল্পী চম্পক বৰবৰা, দিলীপ তামুলী, অতুল চা বৰুৱা, চালেহা আহমেদ, বীৰেণ সিংহ, বুদ্ধি থাপা, দিপীকা সাহা বাংলাদেশৰ শিল্পী সাইফুল ইছলাম, কে এম এ কাইয়ুম, মোহাম্মদ ৰফিক, শামিমা আক্তাৰ, জেসমিন আক্তাৰ, মোজাহিদুল ইছলাম প্ৰমুখ্যে সৰ্বমুঠ ৭৬ গৰাকী শিল্পীৰ চিত্ৰ, ভাস্কর্য, ছপাচিত্র প্রদর্শন কৰা হয়।
- First Published :