মুখ্যপৃষ্ঠা »খবৰ »অসম »TET Teachers Protest: ১ ফেব্ৰুৱাৰীৰ পৰা অচল হৈ পৰিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ! টেট শিক্ষকৰ ঘোষণাই দিছে ইংগিত

TET Teachers Protest: ১ ফেব্ৰুৱাৰীৰ পৰা অচল হৈ পৰিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ! টেট শিক্ষকৰ ঘোষণাই দিছে ইংগিত

আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

TET Teachers Protest: ২০১২ চনতেই নিযুক্তি লাভ কৰা ঠিকাভিত্তিক শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণকে ধৰি বহু ক্ষেত্ৰত বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে শিক্ষক সমাজে।

  • Share this:
১ ফেব্ৰুৱাৰীৰ পৰা অচল হৈ পৰিব পাৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ। কাৰণ ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদত নামিব ৰাজ্যৰ প্ৰায় ৪০ হাজাৰ প্ৰাথমিক টেট শিক্ষক (LP TET Teachers)। সোমবাৰে এক সংবাদমেল যোগে এই বিষয়ে জানিবলৈ দিয়ে প্ৰাথমিত টেট শিক্ষকসকলে। জিলাই জিলাই আন্দোলন কৰিব ৪০ হাজাৰ শিক্ষকে।

কেইবাটাও দাবীৰে শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে আন্দোলন কৰিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে। ২০১২ চনতেই নিযুক্তি লাভ কৰা ঠিকাভিত্তিক শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণকে ধৰি বহু ক্ষেত্ৰত বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে শিক্ষক সমাজে। ২০২০ চনতেই কেবিনেট সিদ্ধান্তৰ জৰিয়তে ৰাজ্যপালে শিক্ষকসকলক বৰ্ধিত মৰগীয়া বানচ, বকেয়া ,মেডিকেল ৰিম্বাৰ্ছমেণ্টৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশনা দিছিল যদিও শিক্ষা বিভাগে এই নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ কৰিছে শিক্ষক সমাজে।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল পাতি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে  শিক্ষা মন্ত্ৰী আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে সমস্যাসমূহ সমাধান নকৰাৰ অভিযোগ কৰি আন্দোলনৰ পথ বাছি লোৱাৰ এই বৃহৎ ঘোষণা কৰে। শিক্ষক সমাজৰ দাবী মানি নল'লে ১ ফেব্ৰুৱাৰীৰ পৰা তীব্ৰ আন্দোলনৰ হুংকাৰৰ লগতে গুণোৎসৱৰ পৰা আৰম্ভ কৰি শিক্ষকসকল প্ৰতিটো চৰকাৰী অনুষ্ঠানৰ পৰাও দূৰত থাকিব বুলি স্পষ্ট কৰি দিয়ে। যাৰ বাবে এতিয়া ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰাথমিক শিক্ষা অচল হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে।

শিক্ষা বিভাগৰ অৱহেলাৰ বাবে ৪০ হাজাৰ শিক্ষকে সমস্যাৰ সন্মুখীন হৈ অহাৰো অভিযোগ। চাকৰি নিয়মীয়া কৰণ কৰি সমস্যা সমূহ সমাধানৰ দাবী এই শিক্ষকসকলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমগ্ৰ বিষয়টোত ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰাথমিক টেট শিক্ষক সকলৰ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি