মহানগৰীৰ জালুকবাৰী পদুমবড়ীত শুক্ৰবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মেঘালয়ৰ বলেৰ' বাহনে মহতিয়ালে এখন টেম্প, দুখন দুচকীয়া বাহনক।
জানিব পৰা মতে, জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আহি আছিল বলেৰ' বাহনখন। টেম্প আৰু দুচকীয়া বাহন দুখন ভুল দিশেৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ৫ জনকৈ লোক।
উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত কৰা বলেৰ'খনৰ পঞ্জীয়ন নম্বৰ ML 01A 0294। আনহাতে, ঘটনা সংঘটিত কৰা বলেৰ' বাহনখনক আৱদ্ধ কৰে স্থানীয় লোকে। ইয়াক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। তাৰপিছত ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী যানবাহন আৰক্ষী। স্থানীয় লোকৰ তৎপৰতাত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Published by: Subham Goswami
FIRST PUBLISHED : March 18, 2023, 03:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।