এজন সুযোগ্য অসম সন্তান ৷ দেশৰ আইনৰ ক্ষেত্ৰখনত তেওঁ এতিয়া এক পৰিচিত নাম ৷ সম্প্ৰতি তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হৈ আছে তেওঁ ৷ নাম তেওঁৰ উজ্জ্বল ভূঞা ৷ এসময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰো ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱা উজ্জ্বল ভূঞা যেন আজি নষ্টালজিক হৈ পৰিল একালত তেওঁ আইন শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা কলেজখনলৈ আহি !
ইতিমধ্যে শতবৰ্ষ গৰকা গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় (পূৰ্বৰ আৰ্ল ল' কলেজ)ৰ ছাত্ৰ আছিল ন্যায়াধীশ উজ্জ্বল ভূঞা ৷ এইখন মহাবিদ্যালয়তে তেওঁ গ্ৰহণ কৰিছিল আইন শিক্ষাৰ আদিপাঠ ৷ বৰ্তমান হায়দৰাবাদৰ বাসিন্দা তেলেংগানা উচ্চ ন্যায়ালয়ৰ এইগৰাকী মুখ্য ন্যায়াধীশ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণসূচী লৈ সপৰিয়ালে আহিছে গুৱাহাটীলৈ ৷ তেওঁৰ এই ভ্ৰমণৰ কথা জানিব পাৰি বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয় কৰ্তৃপক্ষই আজি তেওঁক এক বিশেষ বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনাই কলেজখনলৈ ৷
স্বাভাৱিকভাবেই এই আমন্ত্ৰণ ৰক্ষা কৰি মুখ্য ন্যায়াধীশগৰাকী আজি আহি উপস্থিত হয় তেওঁ পঢ়া কলেজখনত ৷ এজন প্ৰাক্তন ছাত্ৰ হৈ ৷ ন্যায়াধীশ ভূঞাক আদৰিবলৈ কলেজত চলোৱা হৈছিল সুন্দৰ প্ৰস্তুতি ৷ বন্তি প্ৰজ্বলন আৰু গনেশ বন্দনাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত মুখ্য ন্যায়াধীশগৰাকীয়ে বৰ্তমান ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা বিষয়ক এক সাৰগৰ্ভ বক্তৃতা আগবঢ়ায় ৷
তেওঁ কয় যে বৰ্তমান আমাৰ দেশত ন্যায় ব্যৱস্থাটো এক অত্যন্ত ব্যয়বহুল অৱস্থালৈ গতি কৰিছে যিটো খুবেই চিন্তনীয় ৷ যাৰ ফলত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ন্যায় বিচাৰি অহাটো একপ্ৰকাৰ জটিল আৰু কষ্টসাধ্য হৈ পৰিছে ৷ তেওঁ আৰু কয় যে ব্ৰিটেইনত মাত্ৰ দহ শতাংশ লোকেহে ন্যায়ালয়ৰ কাষ চাপে ৷ বাকী সকলে ন্যায়ালয়ৰ বাহিৰতে সমস্যা সমূহ বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰে ৷ মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে অহা তেওঁৰ পত্নী সংঘমিত্ৰা ভূঞায়ো অনুষ্ঠানত বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে সংঘমিত্ৰা ভূঞাই এইখন মহাবিদ্যালয়ৰে এগৰাকী অতিথি প্ৰবক্তা হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল ৷
আজিৰ এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভূপেশ মল্ল বুজৰবৰুৱাই ৷ এই বিশেষ অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা ড° সংগীতা ৰাণী কলিতাই ৷ সহকাৰী অধ্যাপক ড° অমৰজ্যোতি শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী শ্বেখ ৰিয়াজ আলম আৰু ৰ'জি ডেকাই ৷
Published by: Subham Goswami
FIRST PUBLISHED : May 25, 2023, 22:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।