Teacher Appointment: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১০০ দিন উপলক্ষে শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান হয় নিযুক্তি পত্ৰ ৷ শিক্ষাখণ্ডৰ মুঠ ৭৬৭ গৰাকী শিক্ষক কৰ্মচাৰীক একেলগে প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ ৷ নিযুক্তি পত্ৰ দি শিক্ষামন্ত্ৰীৰ ঘোষণা এই অনুষ্ঠানৰ জড়িয়তে ৰাজ্যত ১ লাখ নিযুক্তি পৰ্বৰ আনুষ্ঠানিক মুকলি হ'ল ৷
ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি চলিত বছৰত ২২ হাজাৰ শিক্ষক কৰ্মচাৰীৰ নিযুক্তি সম্পন্ন হ'ব শিক্ষা বিভাগত ৷ ইয়াৰে ১৫ হাজাৰ শিক্ষকক অচিৰেই বিভাগে নিযুক্তিৰ বাবে প্ৰকাশ কৰিব বিজ্ঞাপন ৷ নিযুক্তিৰ সমানে একেলগে TET পৰীক্ষা অনুষ্ঠিত হ'ব অক্টোবৰ মাহত ৷ পুনৰবাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শিক্ষাবিভাগে নিৰ্ধাৰণ কৰা নিযুক্তি অহা মাৰ্চ মাহৰ ভিতৰত সম্পন্ন কৰিব চৰকাৰে ৷ উল্লেখ্য যে ২০১৭ চনৰ ১ এপ্ৰিলৰ পাছত চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালৰ লোকে সম্পূৰ্ণ দৰমহা লাভ কৰা নিয়ম ৷ ইয়াৰ পূৰ্বে অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা আছিল ৷ সেই অনুসৰি এই অন্তিম অনুকম্পা মূলক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে মুঠ ৭৬৭ গৰাকী শিক্ষক-কৰ্মচাৰীক ৷৷
Published by: Kokil Sarma
FIRST PUBLISHED : August 20, 2021, 18:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।