ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব? সমগ্ৰ অসমবাসীৰ এই চিন্তাত টোপনি নাই। ইয়াৰ মাজতে মাজ নিশা দিল্লীৰ পৰা অসমত উপস্থিত হ’ল সৰ্বানন্দ সোণোৱাল, আৰু হিমন্ত বিশ্ব শৰ্মা।
দিল্লীৰ পৰা বিশেষ বিমান যোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ল সৰ্বানন্দ সোণাৱাল হিমন্ত বিশ্ব শৰ্মা, বৈজয়ন্ত জয় পাণ্ডা আৰু নৰেন্দ্ৰ সিং তোমাৰ সহিতে কেইবাজনো কেন্দ্ৰীয় শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতা।
সৰ্বানন্দ সোণোৱালেই মুখ্যমন্ত্ৰী হ’ব নে হিমন্ত বিশ্ব শৰ্মা নতুন মুখ্যমন্ত্ৰী হ’ব তাকে লৈ ৰাজ্যবাসীৰ চৰ্চাৰ অন্ত নাই। কিন্তু আজি দিল্লীত দিনযোৰা আলোচনাৰ পিছত কি হ’ল সেই কথা এতিয়াও স্পষ্ট নহ’ল।
কাইলৈ হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক য’ত চুড়ান্ত কৰা হ’ব নতুন মুখ্যমন্ত্ৰীৰ নাম। প্ৰশ্ন হৈছে কাৰ নাম চুড়ান্ত হৈছে মুখ্যমন্ত্ৰীৰ পদৰ বাবে? নে বিধায়কসকলে ভোট দি নিৰ্বাচন কৰিব নতুন মুখ্যমন্ত্ৰী। এতিয়াও ধূসৰ হৈ আছে সমগ্ৰ পৰিস্থিতি।
মুখ্যমন্ত্ৰীৰ নাম চুড়ান্ত হোৱা নাই যদিও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যুদ্ধ গতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি। এইবাৰ ৰাজভৱনৰ পৰিৱৰ্তে কলাক্ষেত্ৰত হ’ব শপত গ্ৰহণ অনুষ্ঠান। ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত হঠাৎ বাতিল কৰা হয় ৰাজভৱনৰ কাৰ্যসূচী।
কাইলৈ এই নাটকৰ যৱনিকা সচাকৈ পৰিবনে? নে আৰম্ভ হ’ব আৰু এখন নতুন নাটকৰ?
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|