গুৱাহাটী মহানগৰীত শীঘ্ৰেই আৰম্ভ হ'ব ৰিক্সাৰ জৰীপ। পৌৰ নিগমত নাম পঞ্জীয়ন হ'ব লাগিব ৰিক্সাৰ।
উল্লেখযোগ্য যে, বিগত এবছৰে বন্ধ হৈ আছিল নাম পঞ্জীয়নৰ ব্যৱস্থা। ৰিক্সা চালকে মানিব লাগিব গুৱাহাটী পৌৰ নিগমৰ মন্থৰ গতিৰ লঘু যান-বাহন আইন।
এই আইন অনুসৰি ৰিক্সাত লগাব নোৱাৰিব মটৰ। কেৱল পেডেল মৰা ৰিক্সাহে চলিব পাৰিব মহানগৰীৰ নিৰ্দিষ্ট অঞ্চলত।
জানিব পৰা অনুসৰি, নাম পঞ্জীয়ন কৰা ৰিক্সা চালকে লাভ কৰিব গুৱাহাটী পৌৰ নিগমৰ পৰিচয় পত্ৰ। পঞ্জীয়নভুক্ত প্ৰতিখন ৰিক্সাত লগাব লাগিব পৌৰ নিগমৰ পৰিচয় পত্ৰ।
উল্লেখযোগ্য যে, নিয়ম নমনা ৰিক্সা চালকৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগম কঠোৰ হ'ব বুলি সকিয়নি দিছে। তদুপৰি, মটৰ লগোৱা ৰিক্সাৰ বিৰুদ্ধে পৌৰ নিগমে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|