মাৰ্কশ্বীটখনক বৈধতা প্ৰদান কৰক, অন্যথা ফলাফল ঘোষণাৰ নাটক নকৰিব। এনে তীব্ৰ বাক্যৰে চৰকাৰৰ পৰীক্ষা নীতিক সমালোচনা কৰিছে ৰাজ্যৰ অধিকাংশ লোক, দল-সংগঠনে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক বিবৃতিযোগে চৰকাৰক এনে ছাত্ৰ বিৰোধী নীতি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে।
ধৰ্মকান্ত গগৈয়ে কয়, "ফলাফল দিব, কিন্তু সেই ফলাফলৰ একো ভৱিষ্যত ফলাফল নহ'ব। অৰ্থাৎ ঘোষিত মাৰ্কশ্বীটে কোনো ফলাফল বা লাভালাভ নিদিব ছাত্ৰ-ছাত্ৰী সকলক।তেনেহ'লে এনে ফলাফল ঘোষণা কৰা কাৰণ কি? কাৰণ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মাৰ্কশ্বীটখন অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। এই নম্বৰ সমূহে যিকোনো চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত বিশেষ ভুমিকা গ্ৰহণ কৰে। তেনেস্থলত ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ফলাফলৰ নামত এখন উকা কাগজ দিয়া হ'ব কিয়?"
তেওঁ আৰু কয়, "পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা মূল কাৰণ আছিল নিৰ্বাচন। ৰাজ্যত বিধান সভা নিৰ্বাচনৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক কোনো গুৰুত্ব দিয়া নহ'ল। আনকি লখিমপুৰৰ এগৰাকী ছাত্ৰীয়েও শিক্ষা বিভাগৰ এনে নীতিৰ বাবে আত্মহত্যাৰ দৰে পথ বাচি ল'বলগীয়া হৈছিল। গতিকে শিক্ষা বিভাগ আৰু চৰকাৰলৈ আমাৰ দাবী ঘোষিত হ'বলগীয়া ফলাফলৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশ্বীটখনক বৈধতা প্ৰদান কৰক।"
উল্লেখ্য যে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বৃহস্পতিবাৰে ঘোষণা কৰা পৰীক্ষা নীতি মতে এই বছৰৰ ফলাফল কেৱল নামভৰ্তিৰ বাবেহে প্ৰযোজ্য হ'ব। যদি এই বৰ্ষৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে চৰকাৰী চাকৰি কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে পুনৰ পৰীক্ষাত বহিব লাগিব। এই নীতিৰ ঘোষণাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 02, 2021, 11:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|