আজি বি বৰুৱা কলেজৰ সন্মুখত একাংশ শিক্ষাৰ্থীয়ে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে। খবৰ অনুসৰি, দুজন প্ৰাপ্তবয়স্ক ছাত্ৰই নিজৰ অধিকাৰৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছিল। অভিযোগৰ বিষয় আছিল BSC IT, BBA, স্নাতকোত্তৰ তথা উচ্চতৰ মাধ্যমিক বাণিজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে কলেজ নিৰ্বাচনত ভোটদান কৰিব পাৰে কিন্তু প্ৰতিদ্বন্দিতা কিয় কৰিব নোৱাৰে।
সেই সন্দৰ্ভত ন্যায়ালয়ে ৰায়দান দিছিল যে মহাবিদ্যালয় নিৰ্বাচন কমিটীয়ে কাৰণ দৰ্শাব লাগিব আৰু সেই পৰ্য্যন্ত নিৰ্বাচন স্থগিত ৰাখিব লাগিব।
উল্লেখযোগ্য যে, এই বিষয়টো লৈ আজি বি বৰুৱা কলেজৰ সন্মুখত একাংশ শিক্ষাৰ্থীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এই বিক্ষোভ কাৰ্যসূচীৰ সময়ছোৱাত অধ্যক্ষৰ লগতো হতাহতি হয় শিক্ষাৰ্থীৰ।
উল্লেখযোগ্য যে, এনএছইউআই তথা যুৱ কংগ্ৰেছৰ নেতৃত্বত ৰূপায়ণ কৰা হৈছিল এই বিক্ষোভ কাৰ্যসূচী৷ যুৱ কংগ্ৰেছী অৱতাৰ সিং জড়িত থকাৰো অভিযোগ উঠিছে এই বিক্ষোভত।
Published by: Subham Goswami
FIRST PUBLISHED : November 20, 2022, 03:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।