অসমত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ কাম আৰম্ভ কৰিছে। এই সময়তে কেন্দ্ৰীয় মন্দ্ৰী গিৰিৰাজ সিঙে কয় যে অসমীয়াৰ ধন আৰু ধৰ্ম ৰক্ষাৰ বাবে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰাটো অতি প্ৰয়োজন।
জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে ২০১৩ চনৰ পৰা সমগ্ৰ দেশতে সজাগতা অভিযান চলাই থকা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সংৰক্ষক তথা ভাৰত চৰকাৰৰ মন্ত্ৰী গিৰিৰাজ সিঙে ফাউণ্ডেশ্যনৰ উত্তৰ পূৱ ভাৰত ক্ষেত্ৰ আৰু অসম প্ৰান্তৰ অধিকাৰীসকলৰ সৈতে গুবাহাটীত এক বিশেষ বৈঠকত মিলিত হয় । পূৰ্বোত্তৰ ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে, সংগঠন মন্ত্ৰী ড৹ শুভজিত চৌধুৰী, মিডিয়া প্ৰমুখ মনোজ সিং, অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মা আৰু সংযোজক ড৹ জ্ঞানেন্দ্ৰ বৰ্মনৰ উপস্থিতিত হোৱা এক আলোচনাৰ জৰিয়তে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভাৰতত চলাই থকা অভিযানৰ সবিশেষ বুজ লয় ।
কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ কাৰ্যকৰ্তাসকলক দেশৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে সজাগতা অভিযান চলাই এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ সপক্ষে সমাজৰ সকলো স্তৰৰ লোকৰে মাজত এক বিশেষ সংহতি স্থাপন কৰিবলৈ আহ্বান জনায় । অসম আৰু অসমীয়াৰ ধন আৰু ধৰ্ম সুৰক্ষাৰ বাবেই এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন শীঘ্ৰে প্ৰণয়ন কৰা প্ৰয়োজন বুলি মত পোষণ কৰে মন্ত্ৰীগৰাকীয়ে। ধন মানে মাটি ভেটি আৰু ধৰ্ম মানে কৃষ্টি-সংস্কৃতি, পূজা আৰু নাৰী শক্তিৰ সুৰক্ষা বুলি কয় গিৰিৰাজ সিঙে।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা শক্তিশালী মনোভাৱক আদৰণী জনোৱাৰ লগতে অসম তথা ভাৰতৰ সুৰক্ষা বাবে সমগ্ৰ দেশজুৰি এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা প্ৰয়োজন বুলি কয় মন্ত্ৰীগৰাকীয়ে।