আজি ২৫ বছৰত ভৰি দিলে ঐতিহাসিক অসম চুক্তিৰ ফলত জন্ম লাভ কৰা উত্তৰ-পূৱ ভাৰতৰ কলা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। ২৪ বছৰ পূৰ্বে ৯ নৱেম্বৰৰ দিনটোতেই গুৱাহাটীৰ পাঞ্জাবাৰীত প্ৰতিষ্ঠা লাভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই।
আজি হ'ব ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান। পুৱা ২৫ খন চানেকিযুক্ত পতাকা উত্তোলনৰ পিছতে ২৫ যোৰা মৃদংগীয়া গায়ন-বায়ন, ২৫ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ২৫ টি নৃগোষ্ঠীয় শিল্পীদল আৰু আয়তীৰ সমাহাৰেৰে উলিওৱা হৈছে বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা।
কলাক্ষেত্ৰৰ বাকৰিৰ পৰা উলিওৱা শোভাযাত্ৰা জুৰিপাৰ হৈ পুনৰ কলাক্ষেত্ৰৰ বাকৰিত উপস্থিত হয়। প্ৰায় ১৫০০ শিল্পী সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰাত।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰূপালী জয়ন্তী বৰ্ষৰ। বিভিন্ন কাৰ্য্যসূচীৰে দিনজোৰাকৈ অনুষ্ঠিত কৰা হৈছে শুভাৰম্ভ অনুষ্ঠানৰ। বিয়লিৰ ভাগত বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীৰ চিত্ৰ প্ৰদৰ্শনীৰ লগতে আকাশবন্তি জ্বলোৱা আৰু বৰপেটাৰ আতচবাজী প্ৰদৰ্শন কৰা হ'ব।
Published by: Subham Goswami
FIRST PUBLISHED : November 09, 2022, 17:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।