টকিঅ' অলিম্পিক গেমছলৈ আৰু। মাজতে ১৬ দিন বাকী। তেনেক্ষেত্ৰত অলিম্পিক গেমছত অংশলবলগীয়া ভাৰতীয় খেলুৱৈ সকলক উৎসাহিত কৰাৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰী আৰু নেহৰু ষ্টেডিয়ামত মঙলবাৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাই মুকলি কৰিলে ছেলফী জ'ন।
ক'ভিডৰ বাবে ২০২০ চনত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধখন এবছৰ পিছুৱাই এইবাৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ জাপানৰ ৰাজধানী চহৰ টকিঅ'ত অনুষ্ঠিত কৰিব লৈছে। এইবাৰো ২০২১ চনত অলিম্পিক গেমছ আযোজনত বহু বাধাৰ সম্মূখীন হৈছিল আযোজক সকল, বিশেষকৈ ঘৰুৱা জাপানৰ জনসাধাৰণে অলিম্পিক গেমছখন এই ক'ভিড পৰিস্থিতিত এইবাৰো আয়োজন কৰাৰ পক্ষপাতী নাছিল। অৱশেষত জাপান অলিম্পিক, আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ আলোচনাৰ অন্তত টকিঅ'তে ২৩ জুলাইৰ পৰা অলিম্পিক গেমছ আয়োজনৰ চুড়ান্ত সিদ্ধান্ত লৈছে। অৱশ্যে গেমছ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বহুত কভিড প্ৰটকল থাকিভ, সেই সমুহ প্ৰট'কল খেলুৱৈ, সংগঠক, আয়োজক, সাংবাদিক, কৰ্মী আৰু দৰ্শকে মানিব লাগিব।
এইবাৰৰ অলিম্পিক গেমছলৈ এই পৰ্যন্ত ভাৰতবৰ্ষৰ মাত্ৰ ২২ খন ৰাজ্যৰ ১১৬ গৰাকী খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। টকিঅ' অলিম্পিকলৈ সৰ্বাধিক ৩১ গৰাকী খেলুৱৈ যোগ্যতা অৰ্জন কৰিছে হাৰিয়ানাৰ পৰা। পঞ্জাৱৰ ১৪ গৰাকী, কেৰালাৰ ৯ গৰাকী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ পৰা ক্ৰমে ৮ গৰাকীকৈ খেলুৱৈয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। মণিপুৰৰ ৫ গৰাকী, ৰাজস্থান আৰু ওড়িশাৰ ৪ গৰাকী, পশ্চিম বংগ, ঝাৰখণ্ড আৰু কৰ্ণাটকৰ ৩ গৰাকীকৈ খেলুৱৈ, মধ্য প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ ২ গৰাকী আৰু এগৰাকীকৈ খেলুৱৈ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ক্ৰমে অসম, মিজোৰাম, ছিকিম, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ পৰা।
অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ একমাত্ৰ খেলুৱৈগৰাকী হ'ল মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই। অসমৰ গোলাঘাট জিলাৰ বৰপথাৰৰ জিয়ৰী লাভলীনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিকৰ মহিলাৰ ৬৯ কেজি শাখাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। সেয়ে ভাৰতীয় দলৰ আন ১১৫ গৰাকী খেলুৱৈৰ লগতে অসমৰ লাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীয়ে গুৱাহাটীৰ দুটা স্থানত নিজেই অলিম্পিকৰ ছেলফী তোলাৰ উপৰি অসমৰ অন্য স্থানতো কৰিবলৈ ৰাজ্যৰ ক্ৰীড়া সঞ্চালকালয়ক নিৰ্দেশ দিয়ে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 06, 2021, 23:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।