মুখ্যপৃষ্ঠা »খবৰ »অসম »বিশিষ্ট ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ডেপুটী চীফ দ্য মিছনৰ দায়িত্ব

বিশিষ্ট ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ডেপুটী চীফ দ্য মিছনৰ দায়িত্ব

বিশিষ্ট ক্রীড়া সাংবাদিক বিপুল বর্মনে আগন্তুক গুজৰাটৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ ডেপুটী চীফ দ্য মিছনৰ দায়িত্ব লাভ কৰিছে।

অসম ইলেক্ট্ৰ'নিক মিডিয়া স্প'ৰ্টছ জার্নেলিষ্ট এছ'চিয়েচনৰ সাঃ সম্পাদক বিপুল বর্মনৰ ইতিমধ্যে অলিম্পিক গেম্‌ছ, বিশ্বকাপ ফুটবল, কমনৱেলথ গেম্‌ছ, এছিয়ান গেম্‌ছ, ছাফ গেম্‌ছ আৰু নেচনেল গেম্‌ছ কভাৰেজৰ অভিজ্ঞতা আছে।

  • Share this:
বিশিষ্ট ক্রীড়া সাংবাদিক বিপুল বর্মনে আগন্তুক গুজৰাটৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ ডেপুটী চীফ দ্য মিছনৰ দায়িত্ব লাভ কৰিছে। উল্লেখযোগ্য যে, অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ গুজৰাটৰ ছয়খন মূল চহৰৰ লগতে নতুন দিল্লীতো অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্রীড়াৰ খেল।

কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ নির্দেশ মতে অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে শনিবাৰে দহগৰাকী সংগঠকক ডেপুটী চীফ দ্য মিছনৰ দায়িত্ব অর্পণ কৰে। অসম অলিম্পিকে বিশিষ্ট সংগঠক ৰাজ কাকতিক ইতিমধ্যে চীফ দ্য মিছনৰ দায়িত্ব দিছিল।

জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ উপৰি ধ্ৰুৱ কলিতা, নিৰঞ্জন শ‍ইকীয়া, জেহেৰুল হক, বিষ্ণুৰাম নুনিছা, নৱজ্যোতি বসুমতাৰী, ড° কবিতা মজুমদাৰ, বিৰজু ৰাম আৰু সুদীপ চক্ৰৱৰ্তীক অসম অলিম্পিক সন্থাই ডেপুটী চীফ দ্য মিছন হিচাপে নিযুক্তি দিছে। অসম ইলেক্ট্ৰ'নিক মিডিয়া স্প'ৰ্টছ জার্নেলিষ্ট এছ'চিয়েচনৰ সাঃ সম্পাদক বিপুল বর্মনৰ ইতিমধ্যে অলিম্পিক গেম্‌ছ, বিশ্বকাপ ফুটবল, কমনৱেলথ গেম্‌ছ, এছিয়ান গেম্‌ছ, ছাফ গেম্‌ছ আৰু নেচনেল গেম্‌ছ কভাৰেজৰ অভিজ্ঞতা আছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি