নিয়ম নমনা চিটিবাছ চালকক নাকী লগাবলৈ মহানগৰীত চলিছে বিশেষ অভিযান। চিটি বাছৰ স্বতাধিকাৰীৰ উপস্থিতিত পৰিবহণ বিষয়াই মহানগৰীৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰীক্ষণ কৰিলে চিটি বাছৰ চাল চলন। ইতিমধ্যে ১০০ জন চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে জিলা প্ৰশাসনে। জব্দ কৰা হৈছে ৭১ খন চিটি বাছ।
ইয়াৰ পিছতে শুকুৰবাৰৰ দিনটোত চিটিবাছৰ চলাচল বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল চিটিবাছ চালকে। পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশনাৰ পিছতে চালকে ইউনিফৰ্ম পিন্ধা, ষ্টপেজত ১ মিনিটত কৈ ওপৰত বাছ নৰখোৱা, যাত্ৰীক টিকত দিয়া, বাছৰ সন্মুখৰ দুৱাৰ বন্ধ ৰখা, নাম ফলক লগোৱা আদি নিয়ম পালন কৰা দেখা গ'ল চালকসকলক।
শুকুৰবাৰে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পৰিবহণ বিষয়া আৰু চিটিবাছ চালকৰ মাজত হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মতেই পাঁচটা গোটে মহানগৰীত চলালে অভিযান। চিটিবাছ চালকক নিয়ম নীতি মানি বাছ চলাবলৈ কঠোৰ নিৰ্দেশ জিলা পৰিবহণ বিষয়াৰ। বাছত নামফলক থকাটো বাধ্যতামূলক। যাত্ৰীৰ পৰা ল'ব নোৱাৰিব অতিৰিক্ত ভাড়া। এইবাৰ কোনো কাৰণতেই সহজভাৱে লোৱা নহ'ব চিটিবাছৰ মইমতালি। আনহাতে পৰিবহণ বিভাগৰ এই কঠোৰ নিৰ্দেশ মানি চলিব বুলি মন্তব্য চিটিবাছৰ স্বতাধিকাৰীৰ।
শনিবাৰৰ পৰা চলা এই অভিযান অব্যাহত থাকিব আগন্তুক দিনতো। কিন্তু এই অভিযানে একাংশ নিয়ম নমনা চালকক কিমান দূৰ নাকি লগায় সেয়াহে লক্ষ্যণীয় বিষয়। এইবাৰ কোনো কাৰণতেই নৰম স্থিতি গ্ৰহণ নকৰে জিলা পৰিবহণ বিভাগে। বিভিন্ন সময়ত চিটি বাছৰ মইমতালিৰ বিৰুদ্ধে পৰিবহণ বিভাগে অভিযান চলাই ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেয়া ফলপ্ৰসূ হোৱা নাই। কিন্তু এইবাৰ নিয়ম নীতি মানি নচলা চিটি বাছ চালকক পৰিবহণ বিষয়াৰ সকীয়নি। নিয়ম মানি নচলিলে কোনো কাৰণতেই আৰু সহ্য কৰা নহ'ব। কঠোৰ শাস্তিৰ সন্মুখীন হ'বলৈ সাজু থাকক নিয়ম নমনা চিটিবাছ চালক।
Published by: Subham Goswami
FIRST PUBLISHED : July 23, 2022, 23:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|