অসম পশুধন নিগমৰ দ্বাৰা গুৱাহাটীৰ বিৰুবাৰীত নৱ-নিৰ্মিত বিপণী ‘সতেজ’ আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। 'পথাৰো আমাৰো, বজাৰো আমাৰ' কাৰ্য্যসূচীৰ আধাৰত নিগমে নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই বিপনীখনৰ জৰিয়তে সতেজ, স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে থলুৱা ভাৱে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হ'ব।
বিপণীখন উদ্ধোধন কৰি দিয়া ভাষণত অধ্যক্ষ মনোজ শইকীয়াই কয় যে "নিগমে ধাৰাবাহিক ভাৱে ৰাজ্যৰ উৎপাদিত সামগ্ৰী সুলভ ভাৱে বজাৰত উপলব্ধ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰি অহাৰ লগতে ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক সমানে আত্মনিৰ্ভৰশীল কৰিবলৈ কাৰ্য্যসূচী গ্ৰহণ কৰিছে।"
অনুষ্ঠানতটোত পশুপালন আৰু পশু-চিকিৎসা বিভাগৰ সঞ্চালক ইন্দিৰা কলিতা, অসম পশুধন নিগমৰ পৰিচালন সঞ্চালক দিপালী দেৱী, বিভাগৰ যুটীয়া সচিৱ অঞ্জনাভ চলিহা, প্ৰশাসনীয় বিষয়া ডা০ পূৰ্ণানন্দ কোঁৱৰ প্ৰমুখ্যে বিষয়া আৰু স্থানীয় লোক উপস্থিত আছিল। যোৱা বছৰো এনে বহু বিপণী অসম পশুধন নিগমৰ অধ্যক্ষগৰাকীয়ে মুকলি কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|