বৃহস্পতিবাৰে দুপৰীয়া ছিপাঝাৰ সমষ্টিৰ ৩নং ধলপুৰত সংঘটিত দুর্ভাগ্যজনক ঘটনাক লৈ শুকুৰবাৰে সংবাদমেল সম্বোধন কৰিলে বিজেপিয়ে ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, গৰুখুটি প্ৰকল্পৰে জড়িত বিধায়ক মৃণাল শইকীয়া আৰু বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে যৌথভাৱে সম্বোধন কৰা সংবাদমেলত ধলপুৰৰ ঘটনা তৃতীয় পক্ষৰ ষড়যন্ত্রৰ বাবে হৈছে বুলি অভিযোগ কৰে বিজেপিয়ে।
সংবাদমেলত এই ঘটনাক অভিশপ্ত তিৰাশীৰ ১৫ ফেব্ৰুৱাৰীৰ ঘটনাৰ পুনৰাবৃত্তি বুলি অভিহিত কৰে বিজেপি সাংসদ দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কয়, "এই ধলপুৰতেই অবৈধ বেদখলকাৰীক খিলঞ্জীয়া আৰু চৰকাৰী মাটি এৰি দিয়াৰ বাবে প্রতিবাদ সাব্যস্ত কৰিবলৈ যােৱা লােকক যিধৰণে আক্রমণৰ বেহু ৰচনা কৰি হত্যাৰ ষড়যন্ত্র কৰিছিল সেই অভিশপ্ত তিৰাশী (১৯৮৩)ৰ ১৫ ফেব্ৰুৱাৰীৰ ঘটনা কালি ধলপুৰত পুনৰাবৃত্তি ঘটিল।"
সাসংদ শইকীয়াই কয়, "খিলঞ্জীয়াৰ অধিকৃত ভূমি আৰু চৰকাৰী ভূমি ৰক্ষাৰ বাবে প্রতিবাদী আন্দোলনত ধলপুৰ আৰু ৰঙামাটিৰ আশে পাশে সংঘটিত ঘটনাত প্রাণত্যাগ কৰা হৰগােবিন্দ গােস্বামী, ভবানী গােস্বামী, ধনবৰ দাস, থানেশ্বৰ শৰ্মা, ক্ষীতেশ্বৰ ডেকা, উমা শইকীয়া, ডিম্বেশ্বৰ ডেকা, দয়াৰাম শৰ্মা, মুজাৰাম বৰা, কাহিৰাম ডেকা আদি অসম আন্দোলনৰ শ্বহীদসকলক হত্যা কৰা ঘটনা অসমবাসীয়ে কদাপি পাহৰিব নােৱাৰে । জয়নাথ শৰ্মাৰ ভাতৃ আছিল দয়াৰাম শৰ্মা,যাক জালেৰে মেৰিয়াই গাৰ নোম শিয়ঁৰি যোৱাকৈ হত্যা কৰা হৈছিল ৷ এইবোৰ কি আমি পাহৰি যাম? যােৱা ২১-১১-২০১৭ তাৰিখে এইসকলে কুৰুৱাৰ আনন্দ দাসক হত্যা কৰাৰ ঘটনা পাহৰিম নেকি আমি? সময়ে সময়ে এই সকল বেদখলকাৰী সন্দেহযুক্ত লোকে থলুৱা লােকক কৰা অত্যাচাৰ আমি কেতিয়াও নাপাহৰোঁ ৷"
দিলীপ শইকীয়াৰ অভিযোগ, কালিৰ ঘটনাই ভবিষ্যতে অসমৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে এক ভয়াৱহ আক্রমণৰ ষড়যন্ত্রৰ গােন্ধ আমি পাইছােঁ। কোনাে কাৰণতেই এইখন অসমত এই তৃতীয় অপশক্তিৰ ষড়যন্ত্র, প্রতিবাদ আমি সফল হ’ব নিদিওঁ। ধলপুৰ, কিয়াকাৰা, ফুহুৰাতলি, ধানবাৰীত স্থানীয় সংখ্যালঘু লােকসকলৰ প্রতি শেষবাৰৰ বাবে আমাৰ আহ্বান-চৰকাৰী ভূমি বেদখল কৰা প্ৰৱণতা পৰিত্যাগ কৰি জিলা প্রশাসনে নির্ধাৰণ কৰা সুনির্দিষ্ট সংৰক্ষিত ভূমিত বসবাস কৰক। তৃতীয় পক্ষৰ কুটিল ৰাজনৈতিক পাশাখেলৰ গুটি নহৈ ভাৰতীয় মূলসুঁতিৰ সৈতে মিলি যােৱাৰ শেষ সুযােগ গ্রহণ কৰক ৷"
বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, "তৃতীয় পক্ষৰ প্ৰৰােচনাত এচামে গুৱাহাটী উচ্চ ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে গােচৰ তৰাৰ লগে লগে তথাকথিত সংখ্যালঘু ত্রাণকর্তাসকলে যে এই স্থানীয় লােকসকলক লৈ পূৰ্বৰ দৰে ৰাজনৈতিক লাভালাভতহে ব্যস্ত সেয়া প্রতিপন্ন হৈ পৰিল । অসমৰ মুখ্যমন্ত্রী, জিলা প্রশাসন তথা স্থানীয় বিধায়কৰ সৈতে হােৱা সকলাে আলােচনা বুজাবুজিক নস্যাৎ কৰি কালি উচ্ছেদ কৰিবলৈ যােৱা চৰকাৰী বাহিনীক হত্যা কৰাৰ বাবে এক কুটিল আক্ৰমণৰ বেহু ৰচনা কৰা তৃতীয় পক্ষৰ বাবেই কালিৰ ঘটনা সংঘটিত হ'ল।"
একেদৰে বিধায়ক ড৹ পৰমাননন্দ ৰাজবংশীয়েও ক'লে, "এই ঘটনা জুয়ে পোৰা তিৰাশীৰ পুনৰাবৃত্তি ৷"
আনহাতে ভোটবেংকৰ ৰাজনীতিৰ বাবেই কংগ্ৰেছে পোহপাল দিয়া বেদখলকাৰীৰ পৰা যিদৰে কাজিৰঙাক মুক্ত কৰা হৈছিল ঠিক একেদৰে ধলপুৰো বেদখলমুক্ত চৰকাৰে কৰিবই বুলি হুংকাৰ দিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : September 24, 2021, 15:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।