মুখ্যপৃষ্ঠা »খবৰ »অসম »NRC : ঠিকাভিত্তিক NRC কৰ্মচাৰীৰ কাষত জুবিন গাৰ্গ, মুখ্যমন্ত্ৰীলৈ জুবিনৰ বিশেষ অনুৰোধ

NRC : ঠিকাভিত্তিক NRC কৰ্মচাৰীৰ কাষত জুবিন গাৰ্গ, মুখ্যমন্ত্ৰীলৈ জুবিনৰ বিশেষ অনুৰোধ

charset=InvalidCharsetId 6

charset=InvalidCharsetId 6

NRCৰ কনিষ্ঠ সহায়কসকলক পুনঃসস্থাপন দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জুবিন গাৰ্গৰ ৷ মুখ্যমন্ত্ৰীক লগ পালে বিষয়টো জনোৱাৰ প্ৰতিশ্ৰুতিও আগবঢ়ালে জুবিনে ৷

  • Share this:
২০১৪ চনত অনুষ্ঠিত এক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০১৫বৰ্ষত NRCৰ কনিষ্ঠ সহায়ক হিচাপে যোগদান কৰিছিল ২৬২জন যুৱকে ৷ ৬ বছৰতকৈ অধিক সময় কাম কৰাৰ পিছত NRCৰ কাম সম্পুৰ্ণ নোহোৱাকৈ ২০২১ বৰ্ষৰ ৩০ এপ্ৰিলত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ২৬২জন কনিষ্ঠ সহায়কক ৷

প্ৰথমে ১১মাহৰ চুক্তি কৰা হৈছিল যদিও পৰৱতী সময়ত কোনো ধৰণৰ চুক্তি নকৰাকৈ ৬ বছৰলৈ কাম কৰাই হঠাৎ কামৰ পৰা অব্যাহতি দিয়া হ'ল কনিষ্ঠ সহায়কসকলক ৷ ইতিমধ্য বহুবাৰ বিভাগীয় কতৃপৰ্ক্ষৰে যোগাযোগ কৰিও কোনো ধৰণৰ সদুত্তৰ নোপোৱাত অৱশেষত গায়ক জুবিন গাৰ্গৰ কাষ চাপিলে ২৬২জন কনিষ্ঠ সহায়কে ৷

শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত NRCত কৰ্মৰত ৰাজ্যৰ কনিষ্ঠ সহায়কসকলে জুবিন গাৰ্গক লগত লৈ আয়োজন কৰিলে এক সংবাদমেল ৷ সংবাদমেলৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান জনালে জুবিন গাৰ্গে ৷ কনিষ্ঠ সহায়কসকলক পুনঃসস্থাপন দিয়াৰ আহ্বান জনালে জুবিন গাৰ্গে ৷ মুখ্যমন্ত্ৰীক লগ পালে বিষয়টো জনোৱাৰ প্ৰতিশ্ৰুতিও আগবঢ়ালে জুবিনে ৷ জুবিনৰ লগতে চাকৰি হেৰুৱা NRCৰ কনিষ্ঠ সহায়কসকলে একেলগে মুখ্যমন্ত্ৰীলৈ পুনৰসংস্থাপনৰ বাবে জনালে অনুৰোধ ৷ পিছে হ্ৰাট থৱ জুবিনৰ এই আহ্বানক  চৰকাৰখনে কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি