কোনেও কাহানিও হয়টো ভৱা নাছিল, তথাপি সেয়াই সত্য৷ গৰু বিহুৰ দিনটোত সমগ্ৰ অসমবাসীক বিহু নচুৱাইছিল, সেইগৰাকী সুৱদী কণ্ঠৰ শিল্পী হঠাৎ হেৰাই গ’ল আমাৰ মাজৰ পৰা৷ কোভিডত আক্ৰান্ত হৈ গুৱাহাটীৰ কালাপাহাৰ কোভিড কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছিল ভিতালী দাস৷ অৱশ্যে হাস্পতালৰ পৰা বাহিৰ হোৱা সময়ত ভিতালীৰ দেহত নিগেটিভ কোভিড৷ তাৰ পাছতো কিন্তু সুস্থ শৰীৰে হাস্পতালৰ পৰা নোলাল ভিতালী৷ বুধবাৰে সন্ধিয়া ৭ বাজি ৫ মিনিটত চিকিৎসকে ঘোষণা কৰিছিল ভিতালি আৰু নাই৷
ভিতালীৰ দেহত কোভিড নিগেটিভ হোৱা হেতুকে প্ৰশাসন–চিকিৎসকৰ দলে নশ্বৰদেহ গতাই দিছিল পৰিয়ালৰ লোকক৷ পৰিয়ালৰ লোকে প্ৰথমে নশ্বৰদেহ লৈ যায় গীতানগৰৰ নিজ বাসভৱনলৈ৷ পিছত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় নৱগ্ৰহ শ্মশানত৷ নিজ জীয়ৰী কমলিকাই মুখাগ্নি কৰে মাতৃৰ৷
গীতানগৰৰ নিজ বাসভৱন আৰু নৱগ্ৰহ শ্মশানত দেখা গ’ল ভিতালীৰ অনেক গুণমুগ্ধক৷ সদৌ অসম ছাত্ৰ সন্থাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, দীপাংক নাথকে প্ৰমুখ্য কৰি উপস্থিত থাকে শিল্পী তৰালী শৰ্মাৰ লগতে আন বহুতো৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 22, 2021, 16:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।