মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Exam 2023: নতুন শিক্ষানীতি অনুসৰি এইবাৰ পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা পদ্ধতি, জানক কোন বিষয়ত কেনেধৰণৰ হ'ব প্ৰশ্ন

HSLC Exam 2023: নতুন শিক্ষানীতি অনুসৰি এইবাৰ পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা পদ্ধতি, জানক কোন বিষয়ত কেনেধৰণৰ হ'ব প্ৰশ্ন

পূৰ্বৰ তুলনাত এইবাৰ বহু পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

পূৰ্বৰ তুলনাত এইবাৰ বহু পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

এইবাৰ ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত এইবাৰ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হব। ২৪- ২৫ ফেব্ৰুৱাৰীত ১৯ টা বিষয়ত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।

  • Share this:

পূৰ্বৰ তুলনাত এইবাৰ বহু পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। নতুন শিক্ষানীতি অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ'ব উত্তৰবহীও। এইবাৰ প্ৰশ্ন কাকতত অবজেক্টিভ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ। আনহাতে, বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ। অৰ্থাৎ শিক্ষাৰ্থীয়ে ১ নম্বৰৰ ৫০ টা প্ৰশ্নৰ উত্তৰ কৰাৰ সুযোগ লাভ কৰিব। গণিত বিষয়ৰ ক্ষেত্ৰত উত্তৰবহীখন অবজেক্টিভ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ'ব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাইৰ ব্যৱস্থা থাকিব।


পৰীক্ষাৰ দিনটোত পৰীক্ষা আৰম্ভৰ পূৰ্বে ৮.৪৫ বজাত ৮ টা পেজৰ অবজেক্টিভ উত্তৰ বহীখন পৰীক্ষাৰ্থীসকলক দি দিয়া হ'ব। ৯.৪৫ বজাত ১৬ টা পৃষ্ঠাৰ বৰ্ণনামূলক প্ৰশ্নৰ বাবে উত্তৰ বহীখন শিক্ষাৰ্থীসকলক দি দিয়া হ'ব। গণিতৰ বহীখনত উকা হোৱাৰ লগতে গ্ৰাফ থাকিব আৰু ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানৰ উত্তৰ বহীকেইখন ৰুলিং দিয়া হ'ব। দুয়োখন উত্তৰ বহী পৰীক্ষাৰ্থীসকলে সংলগ্ন কৰি বান্ধি দিব লাগিব। পৰীক্ষাৰ বাবে ইতিমধ্যে বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ আৰম্ভ কৰিছে ছেবাই। এই বিষয় সম্পৰ্কে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই কয় যে এইবাৰ এই চাৰিটা বিষয়ত প্ৰশ্নকাকতৰ সমান্তৰাল ভাৱে উত্তৰবহী সম্পূৰ্ণ নতুন ধৰণৰ হ'ব। প্ৰশ্নকাকতত অবজেক্টিভ আৰু বৰ্ণনামূলক দুটা ধৰণৰ প্ৰশ্ন থাকিব। এইবাৰ ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ত কৰা হৈছে। পৰ্যায়ক্ৰমে বাকী বিষয়বোৰো কৰা হ'ব।


উল্লেখযোগ্য যে, এইবাৰ ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত এইবাৰ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হব। ২৪- ২৫ ফেব্ৰুৱাৰীত ১৯ টা বিষয়ত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ৰাজ্যৰ ৭১২ টা কেন্দ্ৰত ৬১ হাজাৰ পৰীক্ষাৰ্থী ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষাসূচী অনুসৰি ৩ মাৰ্চত অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা। আনহাতে, অহা ৬ মাৰ্চত গণিত, ৯ মাৰ্চত সমাজ বিজ্ঞান, ১৩ মাৰ্চত সাধাৰণ বিজ্ঞান, ১৫ মাৰ্চত অসমীয়া আৰু ২০ মাৰ্চত ঐশ্চিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি