চকুত আনন্দৰ বন্যা, প্ৰাপ্তিৰ বন্যা। মুখত মিঠাই, গামোচাৰে সম্ভাষণ নিজ পুত্ৰ আত্মীয়ক। এই আনন্দ কেৱল নিজ পুত্ৰক কাষত পোৱাৰ বাবে। এক ভয়াৱহ পৰিৱেশৰ মাজতে ইউক্ৰেইনৰ পৰা উভতি আহিল অসমৰ ছাত্ৰ।
ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ দাৱানলত আৱদ্ধ হৈ আছিল অসম বহু শিক্ষাৰ্থী। এই আৱদ্ধৰ মাজতে যেনেতেনে ৰোমানত উপস্থিত হৈ অসম পালেহি ৪ শিক্ষাৰ্থী। নগাঁৱৰ সমনয় কুমাৰ শৰ্মা, নলবাৰীৰ অংশুমান শৰ্মা, মহানগৰীৰ কাম্যাখ্যাৰ গুণজিৎ কাশ্যপ আৰু নগাওৰ শ্বাহজান হাজৰিকা আজি উপস্থিত হ'ল বৰঝাৰ বিমামবন্দৰত।
ইউক্ৰেইনৰ TNMU শিক্ষানুষ্ঠানত অধ্যায়নৰত আছিল আটাইকেইজন। ইউক্ৰেইনত যুদ্ধৰ ফলত আৱদ্ধ হৈ এদিন বাঙ্কাৰতে আছিল এই আটাইকেইজন ছাত্ৰ। তাৰপিছতে আৱদ্ধ হৈ কোনোম'তে নিজকে উদ্ধাৰ কৰি আটাইকেইজন ৰোমানত উপস্থিত হয়। আৰু তাৰ পৰাই এয়াৰইণ্ডিয়া বিমানযোগে দিল্লীত আহি উপস্থিত হয় শিক্ষাৰ্থীকেইজন।
দিল্লীৰ পৰা সোমবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অংশুমান শৰ্মা,সমনয় কুমাৰ শৰ্মা, গুণজিৎ কাশ্যাপ আৰু শ্বাহজান হাজৰিকাক আদৰণি জনাই আত্মীয়ই। মিঠাই মুখত দি,গামোছাৰে আদৰণি জনাই সকলোকে । দিল্লীৰ পৰা ইণ্ডিগ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে নিজ পুত্ৰক কাষত পায় আৱেগিক হৈ পৰিল মাতৃ । নিজ পুত্ৰক সাৱটি ধৰাৰ পিছতে নিগৰিল প্ৰাপ্তিৰ চকুলো ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|