ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত নতুন ন্যায়াধীশ নিযুক্ত কৰিছে। শুকুৰবাৰে সন্ধিয়া জাৰি কৰা নিৰ্দেশ অনুসৰি ৰবীন ফুকনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ দুবছৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিব।
ইয়াৰ সৈতে, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দ্বাৰা মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ বাবে ৬ জন ন্যায়াধীশ নিযুক্তিৰ আদেশৰ গেজেট অধিসূচনা জাৰি কৰা হৈছে। ভাৰত চৰকাৰে স্বাক্ষৰ কৰা এই নিৰ্দেশত অনিল বাৰ্মা, অৰুণ কুমাৰ শৰ্মা, সতীন্দ্ৰ কুমাৰ সিং, সুনীতা যাদৱ, দীপক আগৰৱালা আৰু ৰাজেন্দ্ৰ কুমাৰক মহামান্য ৰাষ্ট্ৰপতিৰ হৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ নিৰ্দেশ জাৰি কৰা হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : June 18, 2021, 22:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।