মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটীত বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী জয়া প্ৰদা; মা কামাখ্যাৰ দৰ্শন অভিনেত্ৰীগৰাকীৰ

গুৱাহাটীত বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী জয়া প্ৰদা; মা কামাখ্যাৰ দৰ্শন অভিনেত্ৰীগৰাকীৰ

কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়ালে জয়া প্ৰদাই।

কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়ালে জয়া প্ৰদাই।

কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়ালে জয়া প্ৰদাই।

  • Share this:
গুৱাহাটীত প্ৰখ্যাত অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়া প্ৰদা। দেৱী কামাখ্যাৰ আশিস ল'বলৈ শক্তিপীঠ কামাখ্যাত আজি পুৱাই অভিনেত্ৰীগৰাকী উপস্থিত হয়। কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়ালে জয়া প্ৰদাই। অভিনেত্ৰীগৰাকীয়ে দেৱীৰ দৰ্শন লাভ কৰাটো সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰে।

উল্লেখ্য যে, প্ৰখ্যাত অভিনেত্ৰীগৰাকী পুনৰ ৱেব ছিৰিজৰ জৰিয়তে দৰ্শকৰ মাজলৈ আহিব। এগৰাকী ধৰ্ষণ ভুক্তভোগী যুৱতীৰ কাহিনীৰে আহি থকা 'ফাতিমা' নামৰ ৱেব ছিৰিজত দেখা পোৱা যাব জয়া প্ৰদাক। সংবাদ মাধ্যমক এই কথা জনালে প্ৰখ্যাত অভিনেত্ৰীগৰাকীয়ে।

ইফালে, ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈও জয়া প্ৰদা‌ই মন্তব্য প্ৰকাশ কৰে। ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনতা সন্তুষ্ট বুলি তেওঁ উল্লেখ কৰে। পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে ৰাইজে বিচাৰে জয়া প্ৰদাই নিজৰ ভাব ব্যক্ত কৰে।

মন কৰিবলগীয়া যে, দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ অভিনেত্ৰীগৰাকী আহিছিল। আজি সন্ধিয়াৰ ভাগত অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়া প্ৰদা দিল্লীলৈ ৰাওনা হ’ব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি