আজি উৰুকা, কাইলৈ মাঘ বিহুৰ সংক্ৰান্তি বা দোমাহি। দোমাহিৰ দিনাখন মেজি জ্বলাই অগ্নি দেৱৰ চৰণত সেৱা জনাই দেশ আৰু ৰাইজৰ কুশল-মংগল কামনা কৰাটো অসমীয়াৰ অতীজৰ পৰম্পৰা। পিছে দিনে দিনে খৰি খেৰ কমি অহাৰ ফলত আৰু নগীয়া সংস্কৃতিয়ে লাহে লাহে গ্ৰাম্য সমাজকো চুই যাবলৈ ধৰাত মেজি সজা পৰম্পৰাত ক'ৰাবত যেন আঘাত পৰিছে।
চহৰীয়া অঞ্চলত অসমীয়াই বিচাৰিলেও বহু সময়ত এটা মেজি সাজিব পৰাকৈ সকলো বস্তু নাপায়। সেয়ে শেহতীয়াকৈ কিছু বছৰ ধৰি ৰেডীমেড মেজি বজাৰত বিক্ৰী কৰা দেখা গৈছে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।
মহানগৰীত ওলোৱা ৰেডীমেড মেজি সমূহৰ দাম আকাৰ চাই ৭০০ টকাৰ পৰা ১০০০ আৰু ২০০০ টকালৈও আছে।
গুৱাহাটীয়েই নহয়, ৰেডীমেড মেজিৰ পৰম্পৰা এতিয়া ৰাজ্যৰ বিভিন্ন ঠাইত শিপাইছে। বিশেষকৈ নগৰীয়া এলেকাসমূহত। ডিব্ৰুগড়ত এইবাৰ ৰেডীমেড খৰিৰ মেজি বিক্ৰীৰ বাবে অনা দেখা গৈছে।
ডিব্ৰুগড়ত বিক্ৰীৰ বাবে অনা খৰিৰ এইসমূহ ৰেডীমেড মেজিৰ দাম ১২০০ৰ পৰা ১৫০০ টকা। হয়তো আগন্তুক দিনত ৰেডীমেড মেজিয়ে লাড়ু-পিঠাৰ দৰে অন্ততঃ বিহুৰ সময়ত লাভজনক ব্যৱসায়ৰ ৰূপ ল'ব পাৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : January 13, 2022, 14:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।