
এই ৰংমনেই আছিল সৰু সজাই ষ্টেডিয়ামৰ সন্মুখৰ পৰিচয়।
এই ৰংমনেই আছিল সৰু সজাই ষ্টেডিয়ামৰ সন্মুখৰ পৰিচয়।
গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত এতিয়াৰে পৰা আৰু দেখা পোৱা নায়াব ৰংমনক। ২০০৭ চনৰ গুৱাহাটীৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনক তেতিয়াই ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপন কৰিছিল। এতিয়া ১৬ বছৰ পিছত সেই ৰংমনটো চৰকাৰে তাৰ পৰা আঁতৰাই পেলালে। যিটো কথা ক্ৰীড়া প্ৰেমীয়ে সহজভাৱে ল’ব পৰা নাই।
কাৰণ এই ৰংমনেই আছিল সৰু সজাই ষ্টেডিয়ামৰ সন্মুখৰ পৰিচয়। জানিব পৰা মতে, পথ বহলোৱাৰ অজুহাতত ৰংমনটো তাৰ পৰা আঁতৰাই ষ্টেডিয়ামৰ পিছফালে স্থাপন কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|