আৰম্ভ হ'ল ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান (Ramadan) মাহ। শনিবাৰে জোন দেখাৰ পিছতে ৰাজ্যিক হিলাল কমিটিয়ে ঘোষণা কৰিলে ৰমজানৰ ৰোজা (Roja) আৰম্ভ হোৱাৰ কথা। পৱিত্ৰ ৰমজান মাহ উপলক্ষে সুদূৰ ছৌদি আৰৱ (Saudi Arab)ৰ পৰা অহা বিভিন্ন প্ৰকাৰৰ খেজুৰে (Dates)ৰে ভৰিছে মহানগৰীৰ ফাঁচী বজাৰ (Fancy Bazar)। আজৱা, অম্বৰ, মেদ'জল, ছুফীয়ানদেচ আদি বিভিন্ন প্ৰকাৰৰ খেজুৰৰ নাম।
মহানগৰীৰ ফাঁচী বজাৰত উপলব্ধ হৈছে আজৱা প্ৰতি কেজি ১৬০০ টকা, অম্বৰ প্ৰতি কেজি ১৬০০ টকা, মেদ'জল প্ৰতি কেজি ১৪০০ টকা, ছুফীয়ানদেচ প্ৰতি কেজি ৫০০ টকা। ব্যৱসায়ীসকলৰ মতে "মুঠ ১৫৬ প্ৰকাৰৰ খেজুৰ পোৱা যায় পৃথিৱীত। কিন্তু ইয়াৰে প্ৰায় ১৫টা মান প্ৰকাৰৰ খেজুৰহে ৰমজান মাহ উপলক্ষে সুদূৰ ছৌদি আৰৱৰ পৰা আহিছে গুৱাহাটী মহানগৰীলৈ।"
খেজুৰৰ লগতে পশ্চিম বংগৰ পৰা আহিছে কেইবাটাও প্ৰকাৰৰ চেৱৈ। প্ৰতিকিলো চেৱৈ বিক্ৰী হৈছে ২০০ টকাকৈ। ইয়াৰোপৰি কাশ্মীৰৰ পৰা অহা উৎকৃষ্টমানৰ কাজু, কিচমিচ আদিকে কৰি নানা তৰহৰ শুকান ফল উপলব্ধ হৈছে ৰমজানৰ বজাৰত।
ব্যৱসায়ীসকলে ক, " ৰমজানৰ সময়ত দেশ-বিদেশৰ উৎকৃষ্ট মানৰ ফল-মূল, ড্ৰাই ফ্ৰুইটছ আদি উপলব্ধ হয় ফাঁচী বজাৰত।" এই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ মহানগৰীৰ লগতে আন আন প্ৰান্তৰৰ পৰাও আহে ইছলাম ধৰ্মী লোক। সকলোৱে পছন্দ অনুসৰি ক্ৰয় কৰে খাদ্য - সামগ্ৰী। গ্ৰাহকৰ মতে " দাম বেছি হ'লেও উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী পোৱা যায় ফাঁচী বজাৰত।" যাৰ বাবে দূৰ হ'লেও ফাঁছীবজাৰৰ পৰাই বজাৰ কৰিবলৈ আহে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোক ।
ইফালে পৱিত্ৰ ৰমজান মাহত ফল-মূলৰ চাহিদা বৃদ্ধি পোৱাত ফল- মূলৰ মূল্যবৃদ্ধি ঘটিছে পূৰ্বৰ তুলনাত। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে ফল-মূলৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুুলা কৰিছে সৰ্বসাধাৰণ লোকক। তাৰ মাজতে পৱিত্ৰ ৰমজান মাহ উপলক্ষে ইছলাম ধৰ্মী লোকে আৰম্ভ কৰিছে ৰোজা পালন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|