মুখ্যপৃষ্ঠা »খবৰ »অসম »Rajya Sabha Election 2022: ৪৩ বিধায়কক লৈ সোমবাৰে মনোনোয়ন পত্ৰ দাখিল কৰিব ৰিপুন বৰাই, চাৰি দলৰ বৈঠকত সিদ্ধান্ত

Rajya Sabha Election 2022: ৪৩ বিধায়কক লৈ সোমবাৰে মনোনোয়ন পত্ৰ দাখিল কৰিব ৰিপুন বৰাই, চাৰি দলৰ বৈঠকত সিদ্ধান্ত

Rajya Sabha Election 2022: ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন উমৈহতীয়া কমিটি গঠন হয় এই বৈঠকত। 

Rajya Sabha Election 2022: ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন উমৈহতীয়া কমিটি গঠন হয় এই বৈঠকত। 

Rajya Sabha Election 2022: ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন উমৈহতীয়া কমিটি গঠন হয় এই বৈঠকত। 

  • Share this:
ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই এমৰ বিধায়িনী দলৰ বৈঠক সম্পন্ন। একেলগে ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত আলোচনা হয় বৈঠকত।

ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন উমৈহতীয়া কমিটি গঠন হয় এই বৈঠকত। একেদৰে কংগ্ৰেছ বিধায়ক শশীকান্ত দাস সম্পৰ্কত আইনগত ব্যৱস্থা কি ল'ব পাৰি সেয়াও এই কমিটিয়ে নিৰ্ধাৰণ কৰিব। কমিটিখনত আছে ৰকিবুল হুছেইন, অখিল গগৈ, হাফিজ বছিৰ আহমেদ কাছিমি, মনোৰঞ্জন তালুকদাৰ আৰু আমিনুল ইছলাম।

উল্লেখ্য যে ৪৩ গৰাকী বিধায়কে মিলি সোমবাৰে মনোনোয়ন পত্ৰ দাখিল কৰিব ৰিপুন বৰাই।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অভিযোগ অবিশ্বাস আৰু সন্দেহৰ বাতাৱৰণ সৃষ্টি কৰিছে বিজেপিয়ে।

আমি ১৫ গৰাকী AIUDFৰ বিধায়কে হাতে হাত ধৰি ৰিপুন বৰাক ভোট দিম বুলি মন্তব্য কৰে হাফিজ বছিৰ আহমেদ কাছিমিয়ে। আনহাতে মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰিছে বুলি শশীকান্ত দাসক লৈ মুখ্যমন্ত্ৰীৰ কাম-কাজক গৰিহণা দিয়ে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। তেওঁ লগতে কয়, "আগতে ৰাজ্য সভাত হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধংস হৈছে।"

আনহাতে বিৰোধী পক্ষ জয় হোৱাটো নিশ্চিত বুলি দাবী কৰি বাও দলৰ মনোৰঞ্জন তালুকদাৰে কয় যে শাসক পক্ষৰ হাতত সংখ্যা নাই যদিও তাৰ মাজতে লেতেৰা ৰাজনীতি কৰি আছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি